মৰিগাঁও, 20 মাৰ্চ: ‘‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ দাম আছে নেকি ? তেওঁ আজি এটা কয় কালি এটা কয় । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলৰ মানুহলৈ ভয় কৰে ।’’ এই মন্তব্য প্ৰদ্যুৎ বৰদলৈৰ ৷
‘‘ কংগ্ৰেছ দললৈ ভয় কৰে কাৰণেই হিমন্ত বিশ্ব শৰ্মাই যিকোনো প্ৰকাৰে প্ৰলোভন দি থাকে । তেওঁ একেনিশাই কট্টৰ বিজেপি হ'ল । তেওঁৰ বিৰুদ্ধে বৃহৎ দুনীৰ্তিৰ অভিযোগ উত্থাপন হোৱাৰ সময়ত মই সুৰক্ষাহে দিছিলোঁ ৷’’ বুধবাৰে মৰিগাঁৱত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এনেদৰে মন্তব্য কৰে ।
উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁও বিধানসভা সমষ্টিত চলিছে ব্যাপক তৎপৰতা । ইয়াৰ অংশৰূপে বুধবাৰে বৰ্তমানৰ কংগ্ৰেছী সাংসদ তথা ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু বিৰোধী ঐক্যৰ মনোনীত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক মৰিগাঁও জিলা কংগ্ৰেছ ভৱন দলীয় নেতা-কৰ্মীয়ে আদৰণি জনোৱাৰ লগতে মত বিনিময় কৰে ।