অসম

assam

2026 চনত বিজেপিক চাফা কৰি ব্ৰহ্মপুত্ৰত উটুৱাই দিম : অখিল গগৈ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : May 1, 2024, 7:33 PM IST

বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী কংগ্ৰেছৰ মীৰা বৰঠাকুৰৰ সমৰ্থনত বিধায়ক অখিল গগৈৰ নিৰ্বাচনী প্ৰচাৰ ৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু বিজেপি চৰকাৰখনে সমগ্ৰ অসম আৰু ভাৰতৰ লোকক জ্বলা-কলা খুৱাইছে বুলি মন্তব্য বিধায়কগৰাকীৰ ৷

AKHIL GOGOIS ELECTION CAMPAIGN
বিজেপিক সমালোচনা বিধায়ক অখিল গগৈৰ

মীৰা বৰঠাকুৰৰ সমৰ্থনত বিধায়ক অখিল গগৈৰ নিৰ্বাচনী প্ৰচাৰ

গুৱাহাটী, 1 মে’ : "লোকসভা নিৰ্বাচনত উজনি অসমত বিজেপিক চাফা কৰি থৈ আহিছো ৷ 2026 চনত আমি বিজেপিক চাফা কৰি ব্ৰহ্মপুত্ৰত উটুৱাই দিম"- কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য বিধায়ক অখিল গগৈৰ ৷

গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে শাসক-বিৰোধীয়ে নিজ প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ বিৰোধী ঐক্য মঞ্চৰ মনোনীত প্ৰাৰ্থী কংগ্ৰেছৰ মীৰা বৰঠাকুৰৰ সমৰ্থনত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে বুধবাৰে নুনমাটি, মঠঘৰীয়া আৰু নাৰেংগী অঞ্চলত প্ৰচাৰ চলায় ৷

নাৰেংগীৰ ভূপেন্দ্ৰ নগৰৰ পাহাৰত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে বিধায়ক অখিল গগৈক লগত লৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত ভাগ লোৱাৰ লগতে অঞ্চলটোৰ ৰাইজৰ সৈতে মত বিনিময় কৰে ৷ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ বিধায়ক অখিল গগৈয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ কয় যে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু বিজেপি চৰকাৰখনে সমগ্ৰ অসম আৰু ভাৰতৰ লোকক জ্বলা-কলা খুৱাইছে ৷

বস্তুৰ মূল্যবৃদ্ধিৰে জ্বলা-কলা খুৱাইছে, আইনৰ শানৰ পৰিৱৰ্তে গুণ্ডাগিৰিৰ শাসনেৰে জ্বলা-কলা খুৱাইছে ৷ আনহাতে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ খিলঞ্জীয়া মানুহে যাতে মাটি ল’ব নোৱাৰে, ভূমি অধিকাৰ যাতে অসমৰ মানুহে পাব নোৱাৰে তাৰ বাবে পাহাৰৰ বা চৰকাৰী ভূমিত বাস কৰা মানুহক ভূমি পট্টা দিবৰ কাৰণে নূন্যতম প্ৰিমিয়াম 62 লাখ 50 হাজাৰ টকা কৰি দিছে বুলি মন্তব্য কৰে অখিল গগৈয়ে ৷

ইফালে মুখ্যমন্ত্ৰীক সমালোচনা কৰি বিধায়ক অখিল গগৈয়ে কয় যে, হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনৰ গুণ্ডাগিৰিয়ে অসমৰ মানুহক আমুৱাইছে ৷ বস্তুৰ মূল্যবৃদ্ধিয়ে আৰু কোনোপথ্যেই মানুহক জীয়াই থাকিবলৈ নিদিয়ে ৷ মূল্যবৃদ্ধিয়ে অসমৰ মানুহবোৰক কোঙা কৰি পেলাইছে ৷ গতিকে এইমূহুৰ্তত অসমৰ মানুহে এইবাৰ বিজেপিক পৰাভূত কৰাৰ বাবে সিদ্ধান্ত লৈছে ৷

এইবাৰৰ নিৰ্বাচন বিজেপিৰ বিৰুদ্ধে বিৰোধী পক্ষই খেলা নাই; অসমৰ ৰাইজে বিজেপিৰ লগত খেলিছে ৷ এই নিৰ্বাচনত অদ্ভূত ফলাফল এটা দেখিবলৈ পাব আৰু অসমত এইবাৰ 5 খনমানহে আসন বিজেপিয়ে লাভ কৰিব বুলি কয় বিধায়কগৰাকীয়ে ৷

তেওঁ লগতে হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি অসমীয়া মানুহৰ কাৰণে অহস্যকৰ হৈ গৈছে, হিমন্তৰ দাদাগিৰি বাঢ়িছে বুলি মন্তব্য কৰে ৷ গতিকে হিমন্তৰ দাদাগিৰি কমাবৰ কাৰণে এইবাৰ নিশ্চিতভাৱে অসমীয়া মানুহে বিৰোধী ঐক্যমঞ্চক ভোট দিব আৰু এইবাৰ বিৰোধী ঐক্যমঞ্চই বিশাল ভোটত বেছিভাগ আসনতে বিজেপিক পৰাভূত কৰিব বুলি কয় বিধায়ক অখিল গগৈয়ে ৷

লগতে পঢ়ক :প্ৰধানমন্ত্ৰী মোদীক অহংকাৰী ৰজা আখ্যা প্ৰিয়ংকা গান্ধীৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details