চামগুৰি, 14 এপ্ৰিল: নিশা ৰূপহীহাটৰ শিঙিমাৰীত কংগ্ৰেছ আৰু বিজেপি সমৰ্থকৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা ৷ নিৰ্বাচনী হিংসাত্মক ঘটনাত দুই পক্ষৰ শিলাবৰ্ষণ, হতাহতিত কম বেছি পৰিমাণে আহত হয় প্ৰায় 40 জনকৈ লোক ৷ নিশাই ৰূপহীহাটৰ শিঙিমাৰীস্থিত অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় বিজেপি প্ৰাৰ্থী সুৰেশ বৰা ৷ ঘটনা সন্দৰ্ভত সংবাদমেলৰ আয়োজন কৰি বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই এনে ঘটনাক নিন্দা জনাইছে ৷
বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই কয়, "কংগ্ৰেছ এতিয়া হতাশগ্ৰস্থ ৷ যাৰ বাবে এনে হিংসাত্মক ঘটনা সংঘটিত কৰি আহিছে ৷ শনিবাৰৰ দুপৰীয়া ভাগত ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই উচটনিমূলক মন্তব্য কৰিছিল যাৰ পৰিপ্ৰেক্ষিতত এনে ঘটনা সংঘটিত হ’বলৈ পাইছে ৷"
সমান্তৰালভাৱে বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই বিজেপি দলে কংগ্ৰেছৰ গুণ্ডাগিৰিক ভয় নকৰে বুলি উল্লেখ কৰি আগন্তক দিনত এনে কাৰ্য নকৰিবলৈ সকীয়নী প্ৰদান কৰে ৷ আনকি অনাগত দিনত পুনৰ এনে কাৰ্য কৰিলে প্ৰত্যুত্তৰ দিবলৈ বিজেপি কৰ্মী সাজু আছে বুলিও মন্তব্য কৰে সুৰেশ বৰাই ৷ কংগ্ৰেছ কৰ্মীয়ে হাতত চোকা অস্ত্ৰলৈ লৈ বিজেপিৰ সমৰ্থকক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত কৰিছে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৷