অসম

assam

ETV Bharat / lifestyle

আন্তৰ্জাতিক চাহ দিৱস: চাহ খোৱাৰ সময়ত আপুনিও কৰে নেকি এই ভুল ?

প্ৰতি বছৰে ২১ মে’ত আন্তৰ্জাতিক চাহ দিৱস পালন কৰা হয়, আহক আজি চাহ খোৱাৰ সময়ত কৰা ৫টা সাধাৰণ ভুলে কেনেদৰে স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে জানো

International tea day: Common Tea Drinking Errors and How to Fix Them
আন্তৰ্জাতিক চাহ দিৱস: চাহ খোৱাৰ সময়ত আপুনিও কৰে নেকি এই ভুল ? (ETV Bharat Assam)

By ETV Bharat Lifestyle Team

Published : May 21, 2025 at 4:24 PM IST

ভাৰতীয় লোকক এডাল এনাজৰীৰে বান্ধি ৰখা পানীয় বিধেই হ’ল চাহ ৷ পুৱাৰ আৰম্ভণি হওক বা সন্ধিয়াৰ ক্লান্তি দূৰ কৰাই হওক, বন্ধু-বান্ধৱীৰ সৈতে আড্ডা দিয়াই হওক বা অকলশৰীয়া শান্তভাৱে নিজৰ সৈতে কিছু মুহূৰ্ত পাৰ কৰাই হওক, প্ৰতিটো মুহূৰ্ততে চাহ আমাৰ সৈতে থাকে ৷ চাহ, ভাৰতীয় বিশেষকৈ অসমবাসীক ইয়াৰ বিষয়ে দুনাই কোৱাৰ প্ৰয়োজন নাই । চাহ আমাৰ ভাৰতীয়সকলৰ বাবে এক আৱেগ । পুৱা শুই উঠোতেই যদি বিচনাতে একাপ চাহৰ সোৱাদ ল'ব পৰা যায়, তেন্তে ইয়াৰ আমেজে কিছু সুকীয়া হয় ।

বহুতৰে বাবে চাহ কেৱল পানীয় নহয়, এক অনুভৱ ৷ বছৰে ২১ মে’ত চাহ প্ৰেমীৰ বাবে আন্তৰ্জাতিক চাহ দিৱস পালন কৰা হয় ৷ কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে আমি প্ৰতিদিনে আবেগেৰে চাহ কাপ খোৱাৰ সময়ত কৰা কিছুমান সাধাৰণ ভুলে আমাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে ?

আন্তৰ্জাতিক চাহ দিৱস: চাহ খোৱাৰ সময়ত আপুনিও কৰে নেকি এই ভুল ? (ETV Bharat Assam)

চাহৰ প্ৰতি আসক্ত হৈ সঠিকভাৱে সেৱন নকৰাটো শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে ৷ সেয়া চাহ সঘনাই খোৱাই হওক, খালী পেটত খোৱাই হওক, বা বেছিকৈ চেনী যোগ কৰাই হওক ৷ এই অভ্যাসবোৰে ক্ৰমান্বয়ে আপোনাৰ শৰীৰৰ ক্ষতি কৰিব পাৰে ৷ যদি আপুনিও চাহ প্ৰেমী, তেন্তে চাহ খোৱাৰ সময়ত আপুনিও সেই ৫টা সাধাৰণ ভুল কৰি আছে নেকি এই প্ৰতিবেদনৰ পৰা সবিশেষ পঢ়ক-

চাহ খোৱাৰ সময়ত কৰা ৫টা সাধাৰণ ভুল কি কি জানেনে ?

১) খালী পেটত চাহ খোৱা

বহু মানুহে ৰাতিপুৱা সাৰ পোৱাৰ পিছত প্ৰথমে চাহ খায়, যিটো ক্ষতিকাৰক ৷ খালী পেটত চাহ খালে এচিডিটিৰ সমস্যা হ’ব পাৰে ৷ ইয়াৰ বাহিৰেও ই গেছ, জ্বলা-পোৰা, কোষ্ঠকাঠিন্য আদি সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ সেয়ে চাহ খোৱাৰ আগতে কুহুম পানী খাব লাগে বা কিছু ফল-মূল খাব লাগে ৷

২) বেছিকৈ চাহ খোৱা

আন্তৰ্জাতিক চাহ দিৱস: চাহ খোৱাৰ সময়ত আপুনিও কৰে নেকি এই ভুল ? (ETV Bharat Assam)

চাহ প্ৰেমীসকলে দিনটোত ৪-৫ বা তাতকৈ অধিক বাৰ চাহ খালে শৰীৰত কেফেইনৰ পৰিমাণ বৃদ্ধি কৰে ৷ ইয়াৰ ফলত টোপনিৰ অভাৱ, নাৰ্ভাছ, ক্লান্তি আদি হ’ব পাৰে ৷ সেয়ে দিনটোত ২ কাপতকৈ বেছি সেৱন নকৰিব, আৰু গভীৰ নিশা চাহ খোৱাৰ পৰা বিৰত থাকিব ৷

৩) অতি উগ্ৰ বা বেছিকৈ সিজোৱা চাহ খোৱা

কিছুমানে চাহ ১০-১৫ মিনিট উতলাই সুগন্ধি লাভ কৰি সোৱাদ বৃদ্ধি কৰে, যাৰ ফলত ইয়াত উপস্থিত টেনিন আৰু কেফেইন বৃদ্ধি পায় ৷ এইবোৰে পাচনতন্ত্ৰত প্ৰভাৱ পেলাব পাৰে ৷ এনে অৱস্থাত চাহখিনি লাহে লাহে উতলাই বেছি ডাঠ নকৰিব ৷

৪) আহাৰ খোৱাৰ পিচত চাহ খোৱা

কিছুমান মানুহৰ খাদ্য খোৱাৰ পিছত চাহ খোৱাৰ অভ্যাস থাকে, যিটো তেওঁলোকৰ স্বাস্থ্যৰ বাবে একেবাৰেই উপকাৰী নহয় ৷ খাদ্য খোৱাৰ লগে লগে চাহ খালে খাদ্যত থকা আইৰণ আৰু পুষ্টিকৰ উপাদানৰ শোষণ কমি যায় ৷ যদি চাহ খাব বিচাৰে তেন্তে ৩০-৪৫ মিনিট খোৱাৰ পিছতহে খাব ৷

৫) বেছিকৈ চেনি দি খোৱা

বহু লোকে মিঠা চাহ ভাল পায় ৷ এনে পৰিস্থিতিত চাহত প্ৰয়োজনতকৈ বেছি চেনি যোগ কৰে ৷ কিন্তু অত্যধিক মিঠা চাহ খালে আপোনাৰ তেজৰ চেনিৰ মাত্ৰা, মেদবহুলতা আৰু মধুমেহ ৰোগত সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ সম্ভৱ হ’লে চাহত চেনি কমকৈ দিব বা গুড় আৰু মৌৰ দৰে বিকল্প ব্যৱহাৰ কৰিব লাগে ৷

লগতে পঢ়ক

  1. হৃদযন্ত্ৰৰ স্বাস্থ্য, হজম শক্তি আৰু দীৰ্ঘায়ুৰ বাবে চাহ খোৱাৰ সঠিক উপায় জানো আহক
  2. কেতিয়াবা ভাবিছেনে ? যদি আপুনি এমাহৰ বাবে চাহ খোৱাটো পৰিহাৰ কৰে তেন্তে কি হ’ব
  3. কাগজৰ কাপত চাহ-কফি খাই অজানিতে স্বাস্থ্যৰ বাবে মাতিছে নেকি বিপদ ?