ETV Bharat / health

হৃদযন্ত্ৰৰ স্বাস্থ্য, হজম শক্তি আৰু দীৰ্ঘায়ুৰ বাবে চাহ খোৱাৰ সঠিক উপায় জানো আহক - NATIONAL TEA DAY 2025

চাহৰ সৈতে থকা ভাৰতীয় আৱেগ স্বাস্থ্য পক্ষে কিমান উপকাৰী জানেনে...

National Tea Day 2025
ৰাষ্ট্ৰীয় চাহ দিৱস (Getty Images)
author img

By ETV Bharat Health Team

Published : April 21, 2025 at 8:46 PM IST

5 Min Read

চাহ, ভাৰতীয় বিশেষকৈ অসমবাসীক ইয়াৰ বিষয়ে দুনাই কোৱাৰ প্ৰয়োজন নাই । চাহ আমাৰ ভাৰতীয়সকলৰ বাবে এক আৱেগ । পুৱা শুই উঠোতেই যদি বিচনাতে একাপ চাহৰ সোৱাদ ল'ব পৰা যায়, তেন্তে ইয়াৰ আমেজে কিছু সুকীয়া হয় ।

কিন্তু আজি আমি যদি এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকক জনাওঁ যে আপুনি/মই সততে গ্ৰহণ কৰা চাহ আচলতে প্ৰকৃত চাহ নহয়, তেন্তে আপোনাৰ প্ৰতিক্ৰিয়া বাৰু কি হ'ব ?

হয়, আপুনি ঠিকেই শুনিছে, বেছিভাগ ভাৰতীয়ই গ্ৰহণ কৰা চাহ আচলতে প্ৰকৃত চাহ নহয় বা তেওঁলোকে প্ৰকৃত চাহ গ্ৰহণ নকৰে । গাখীৰ, চেনি আৰু পানীৰ মিশ্ৰণহে সকলোৱে পান কৰে । পথৰ কাষৰ দোকানত ভাপ বাহিৰ হৈ থকা কেটলিৰ পৰা বা চীনা মাটিত দিয়া চাহৰ কাপটো আপোনাৰ বাবে জিৰণিদায়ক এক আৱেগিক মুহূৰ্ত হ'ব পাৰে, কিন্তু দুৰ্ভাগ্যজনকভাৱে ই আপোনাৰ স্বাস্থ্যৰ বাবে বৰ ভাল নহয় ।

আজি চাহ দিৱস । আহকচোন আমি সকলোৱে এই অসাধাৰণ চাহ পাত আৰু ই আমাৰ জীৱনত কঢ়িয়াই অনা কিছু যাদুকৰী মুহূৰ্তৰ বিষয়ে কথা পাতো ।

National Tea Day 2025
এক অধ্যয়নত দেখা গৈছে যে গ্ৰীণ টি খোৱা লোকসকলৰ হৃদযন্ত্ৰৰ ৰোগ হোৱাৰ সম্ভাৱনা ২০% কম (Getty Images)
  • চাহ হৈছে স্বাস্থ্যৰ বাবে প্ৰাকৃতিক অমৃত...

চাহত পলিফিনল থাকে, বিশেষকৈ কেটেচিন নামৰ এটা প্ৰকাৰ যি শক্তিশালী এন্টিঅক্সিডেন্ট । এই যৌগসমূহৰ সৈতে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত, বিপাকীয় ক্ৰিয়া উন্নত আৰু ষ্ট্ৰোক, ডায়েবেটিছ, আনকি কিছুমান বিশেষ কৰ্কট ৰোগৰ সম্ভাৱনাও হ্ৰাস পায় ।

২০২০ চনত ইউৰোপিয়ান জাৰ্নেল অৱ প্ৰিভেন্টিভ কাৰ্ডিঅ’লজিত প্ৰকাশিত এক অধ্যয়নত প্ৰায় এক লাখ চীনা প্ৰাপ্তবয়স্ক লোকক অনুসৰণ কৰি দেখা গৈছে যে অভ্যাসগত চাহ খোৱা লোকসকলৰ হৃদযন্ত্ৰৰ ৰোগ হোৱাৰ সম্ভাৱনা ২০% কম আৰু আয়ুস দীঘলীয়া হয়, বিশেষকৈ যিসকলে গাখীৰ নোহোৱাকৈ গ্ৰীণ টী বা ক’লা চাহ খায় ।

  • গাখীৰৰ সমস্যা

গাখীৰ দিয়া চাহ বহু ভাৰতীয়ৰে প্ৰিয় । অধিকাংশ ভাৰতীয়ৰ ঘৰত এই চাহ বনোৱাৰ লগতে সকলোৱে গ্ৰহণ কৰে, লগতে যদি সেই চাহত ইলাচি দিয়া হয়, তেন্তে তাৰ সুৱাদেই বেলেগ হৈ পৰে ।

কিন্তু চিকিৎসা বিজ্ঞানৰ মতে, এই গাখীৰ দিয়া চাহ স্বাস্থ্যৰ পক্ষে হানিকাৰক । ইউৰোপিয়ান হাৰ্ট জাৰ্নেল (২০০৭) ত প্ৰকাশিত একাধিক অধ্যয়নত দেখা গৈছে যে চাহত গাখীৰ যোগ কৰিলে ক'লা চাহৰ উপকাৰিতা নাইকীয়া হৈ পৰে

National Tea Day 2025
চাহ আমাৰ ভাৰতীয়ৰ বাবে এক আৱেগ (Getty Images)

গৱেষকসকলে এই সিদ্ধান্তত উপনীত হৈছে যে গাখীৰৰ প্ৰটিন চাহৰ কেটেচিনৰ সৈতে লগ হৈ ইয়াৰ এন্টিঅক্সিডেন্ট কাৰ্যকলাপ হ্ৰাস কৰে, মূলতঃ প্ৰথম অৱস্থাত চাহত থকা কিছুমান বিশেষ পদাৰ্থ বিশেষকৈ আপোনাৰ হৃদযন্ত্ৰৰ বাবে প্ৰয়োজনীয় যৌগবোৰকে নিষ্ক্ৰিয় কৰে । সাধাৰণ ইংৰাজীত: milk hijacks your tea's health benefits and runs off with them.

  • চেনি এবিধ নীৰৱ হত্যাকাৰী

গাখীৰ যদি স্বাস্থ্যৰ বাবে অপকাৰী, তেন্তে চেনিক এক নীৰৱ হত্যাকাৰী বুলি ক'ব পাৰি । ভাৰতীয়সকলে একাপ চাহত প্ৰায়ে ২ৰ পৰা ৩ চামুচ চেনি খাই, যাক লৈ বিশ্ব স্বাস্থ্য সংস্থায়ো উদ্বেগ প্ৰকাশ কৰিছে ।

অতিৰিক্তভাৱে চেনি সেৱন কৰিলে ইনচুলিন প্ৰতিৰোধ ক্ষমতা, মেদবহুলতা, টাইপ ২ ডায়েবেটিছ, আনকি যকৃতৰ ৰোগতো আক্ৰান্ত হ'ব পাৰে । ইয়াৰ উপৰিও চাহৰ প্ৰদাহ নিবাৰণকাৰী প্ৰভাৱকো ই ক্ষতিগ্ৰস্ত কৰে ।

National Tea Day 2025
আদা আৰু নেমু দিয়া চাহ খালে স্বাস্থ্য উন্নত হয় (Getty Images)

ইয়াৰ উপৰিও ব্ৰিটিছ জাৰ্নেল অৱ নিউট্ৰিচনৰ গৱেষণাৰ পৰা দেখা গৈছে যে চেনিৰ সৈতে সেৱন কৰিলে গ্ৰীণ টীয়ে তেজৰ পৰা চেনি হ্ৰাস কৰা প্ৰভাৱ বহু পৰিমাণে হ্ৰাস পায় । গতিকে এক প্ৰকাৰে ক’ব পাৰে যে চেনিবিহীন চাহ আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী ।

  • যদি আপোনাক মিঠাৰ প্ৰয়োজন হয় :
  1. মৌ যোগ কৰক (চাহ অলপ ঠাণ্ডা হোৱাৰ পিছত)
  2. ষ্টেভিয়া বা প্ৰাকৃতিক ফলৰ ইনফিউজন(infusions) ব্যৱহাৰ কৰি চাওক
  3. বা কেৱল আপোনাৰ ৰুচিবোধক পুনৰ প্ৰশিক্ষণ দিয়ক । বেছিভাগ মানুহেই ১০-১৪ দিনৰ ভিতৰত চেনি কমকৈ খোৱাত অভ্যস্ত হৈ পৰে
  • বয়লিং পইণ্ট (আমি কিয় ইয়াক অতিমাত্ৰা কৰো)

আমাৰ বেছিভাগেই কেনেকৈ চাহ বনাই সেই বিষয়ে কওঁ । ভাৰতীয় পদ্ধতি :

পানী অলপ কুহুমীয়াকৈ গৰম কৰি লয় । তাৰ পাছত চাহপাত দিয়ে । এই তৰল পদাৰ্থখিনিৰ ৰং সলনি নোহোৱালৈকে উতলিব দিয়ে । ইয়াৰে পৰৱৰ্তী পৰ্যায়ত সেই পানীয়খিনিত গাখীৰ আৰু চেনি যোগ কৰে ।

দুৰ্ভাগ্যজনকভাৱে অতিমাত্ৰা এই পানীয় উতলালে কেটেচিনবোৰ ধ্বংস হয় আৰু তিতা বৃদ্ধি পায় । ই স্বাস্থ্যৰ পক্ষে হানিকাৰক ।

  • গৱেষক আৰু পুষ্টিবিদসকলে দিয়ে পৰামৰ্শ মতে পদ্ধতিটো তলত উল্লেখ কৰা হ’ল :
  1. পানী উতলাই জুইৰ পৰা নমাই দিব
  2. ক’লা চাহ ৩-৫ মিনিট, গ্ৰীণ টী ২-৩ মিনিট
  3. সোৱাদৰ বাবে নেমু, আদা বা দালচেনি যোগ কৰক - এই উপাদানসমূহে জৈৱ উপলব্ধতা বৃদ্ধি কৰে
  4. গাখীৰ এৰি দিয়ক বা কম কেচিনযুক্ত উদ্ভিদ ভিত্তিক গাখীৰ ব্যৱহাৰ কৰক
  5. আপুনি পাৰ্থক্যৰ সোৱাদ ল’ব । তাতোকৈ ডাঙৰ কথাটো হ’ল আপোনাৰ এন্টিঅক্সিডেন্ট শোষণ বহু পৰিমাণে বৃদ্ধি পায় ।
National Tea Day 2025
চাহত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে (Getty Images)
  • নেমু ক’লা চাহ – ভিটামিন চি শোষণ বৃদ্ধি কৰে আৰু মেজাজ উজ্জ্বল কৰে
  • আদাৰ সেউজীয়া চাহ – হজম শক্তিত সহায় কৰে আৰু প্ৰদাহ কমায়
  • কাহৱা – কেশৰ আৰু আলমণ্ডৰ সৈতে কাশ্মীৰী ব্ৰু, যিমানেই কাব্যিক সিমানেই শক্তিশালী
  • বনৌষধি তুলসী চাহ – মানসিক চাপ আৰু শ্বাস-প্ৰশ্বাসজনিত স্বাস্থ্যৰ বাবে অতি উত্তম
লগতে পঢ়ক : বিহুৰ বতৰত নিজকে ধুনীয়া কৰাৰ উপায় জানো আহক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.