কাগজৰ কাপত চাহ-কফি খাই অজানিতে স্বাস্থ্যৰ বাবে মাতিছে নেকি বিপদ ?
বিশেষজ্ঞসকলৰ মতে কাগজৰ কাপ তৈয়াৰ কৰিবলৈ বহু ধৰণৰ ৰাসায়নিক পদাৰ্থ আৰু প্লাষ্টিক ব্যৱহাৰ কৰা হয়, যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে অতিকৈ বিপদজনক-

Published : January 28, 2025 at 5:24 PM IST
শীতকালত চাহ-কফি সেৱন কৰাটো তেনেই সাধাৰণ কথা ৷ ঠাণ্ডাত একাপ চাহ বা কফি পালে নো আৰু কি লাগে ৷ ঘৰত চাহ খাবলৈ যদিও আমি মাটিৰ চিৰামিক কাপ বা ষ্টিল বা অন্য বাচন ব্যৱহাৰ কৰো ৷ কিন্তু ঘৰৰ বাহিৰত ইয়াৰ ওলোটাতো হয় বাহিৰত চাহ খাওতে বিক্ৰেতাই প্ৰায়েই ডিচপ’জেবল কাপৰ ব্যৱহাৰ কৰে ৷ বহুলোকে হয়তো ভাৱে যে ডিচপ’জেবল কাগজৰ কাপ স্বাস্থ্যৰ বাবে উপকাৰী ৷ কিন্তু জনাই দিও যে চিকিৎসকৰ মতামত ইয়াৰ সম্পূৰ্ণ বিপৰীত ৷
বিশেষজ্ঞসকলৰ মতে কাগজৰ কাপ তৈয়াৰ কৰিবলৈ বহু ধৰণৰ ৰাসায়নিক পদাৰ্থ আৰু প্লাষ্টিক ব্যৱহাৰ কৰা হয়, যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে অতি বিপদজনক ৷ এই সন্দৰ্ভত আই আই টি খড়গপুৰে এটি অধ্যয়ন কৰিছিল য’ত এই কথা স্পষ্ট হৈ পৰিছিল যে ডিচপ’জেবল কাগজৰ কাপো আমাৰ স্বাস্থ্যৰ পক্ষে হানিকাৰক ৷ জানো আহক ইয়াৰ অন্য হানিকাৰক দিশসমূহৰ বিষয়ে-

কাগজৰ কাপ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক
আমি সাধাৰণতে চাহ-কফি খাবলৈ কাগজৰ কাপ ব্যৱহাৰ কৰো ৷ কিন্তু আমি আপোনালোকক জনাই দিও যে, যদি কাপটো কাগজৰ হয় তেন্তে তাত পানী বা আন কোনো তৰল পদাৰ্থ ধৰি ৰাখিব নোৱাৰিব ৷ এনে পৰিস্থিতিত কাপটোৰ ভিতৰৰ অংশত ৱাটাৰপ্ৰুফিঙৰ বাবে অতি পাতল প্লাষ্টিক আৱৰণ দিয়া হয়, যাক আমি মাইক্ৰ’প্লাষ্টিক বুলি কওঁ মাইক্ৰ’প্লাষ্টিক আজিকালি বাতৰিৰ শিৰোনামত আছে কাৰণ ই আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক হ’ব পাৰে ৷ দৰাচলতে আমি যেতিয়া এই কাপবোৰত কফি বা গৰম পানীৰ দৰে যিকোনো গৰম পানীয় ঢালি দিওঁ, তেতিয়া এই স্তৰৰ পৰা মাইক্ৰ’প্লাষ্টিকৰ সৰু সৰু কণাবোৰ ওলাই আহিবলৈ আৰম্ভ কৰে ৷ এই কণাবোৰ ইমানেই সৰু যে অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা পোৱা যায় যি আমাৰ স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক ৷ লাহে লাহে এই কণাবোৰ কাপৰ পৰা পানীয়ত দ্ৰৱীভূত হ’বলৈ আৰম্ভ কৰে ৷ যি আমাৰ স্বাস্থ্যৰ বাবে খুবেই লোকচানদায়ক ৷
কাগজৰ কাপত হাজাৰ হাজাৰ মাইক্ৰ’প্লাষ্টিক কণা থাকে
আই আই টি খড়গপুৰে কেইবছৰমান পূৰ্বে এক অধ্যয়ন চলাইছিল য’ত দেখা গৈছিল যে কাগজৰ কাপত গৰম পানীয় ১৫ মিনিট ৰাখিলে প্ৰায় ২০,০০০ৰ পৰা ২৫,০০০ মাইক্ৰ’প্লাষ্টিক কণা থাকিব পাৰে ৷ এই কণাবোৰে আমাৰ শৰীৰত প্ৰৱেশ কৰি হৰম’নৰ ভাৰসাম্যহীনতা আনকি কেন্সাৰ আদি গুৰুতৰ ৰোগৰ সৃষ্টি কৰিব পাৰে ৷
ইয়াতকৈ উত্তম বিকল্প কি ?
এনে পৰিস্থিতিত স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি যিমান পাৰি কাগজৰ কাপ ব্যৱহাৰ কৰাটো পৰিহাৰ কৰিব লাগে ৷ ইয়াৰ পৰিৱৰ্তে চীনামাটি বা ষ্টেইনলেছ ষ্টীলৰ কাপ ব্যৱহাৰ কৰক ৷ যদি আপুনি বাহিৰত চাহ বা কফি খাই আছে তেন্তে মাটিৰ কুলহাৰ অন্যতম এক উত্তম বিকল্প বা এনে কাপ সদায় লগত ৰাখক, যিবোৰ বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি ৷ ই কেৱল পৰিৱেশৰ বাবেই নহয় আমাৰ স্বাস্থ্যৰ বাবেও অধিক উপকাৰী হ’ব ৷
(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)
লগতে পঢ়ক

