ইণ্টাৰনেচনেল ডেস্ক, ৩ ফেব্ৰুৱাৰী :ইৰাক সমৰ্থিত বিদ্ৰোহী আৰু ইৰাণী বিপ্লৱী গাৰ্ডৰ দ্বাৰা ব্যৱহৃত ইৰাক আৰু চিৰিয়াৰ কেইবাটাও স্থানত আমেৰিকাই বিমান আক্ৰমণ কৰে । যোৱা সপ্তাহত জৰ্ডানত তিনিজন আমেৰিকান সেনাক ড্ৰোণ আক্ৰমণেৰে হত্যা কৰাৰ প্ৰতিশোধকল্পেই আমেৰিকাৰ সামৰিক বাহিনীয়ে এই আক্ৰমণ চলায় ।
এই বৃহৎ আক্ৰমণে মুঠ সাতটা স্থানত ৮৫ টাতকৈও অধিক লক্ষ্যত আঘাত কৰে । ইয়াৰ ভিতৰত আছে কমাণ্ড এণ্ড কণ্ট্ৰোল হেডকোৱাৰ্টাৰ, চোৰাংচোৱা কেন্দ্ৰ, ৰকেট আৰু মিছাইল, ড্ৰোণ আৰু গোলাবাৰুদ সংৰক্ষণ স্থান আৰু অন্যান্য সুবিধা । এই লক্ষ্যবোৰ হৈছে তেহৰাণৰ সৈতে সম্পৰ্ক থকা আৰু অস্ত্ৰ-শস্ত্ৰৰে শক্তিশালী কৰা আইআৰজিচিৰ কুডছ ফ'ৰ্চৰ সৈতে সংযুক্ত আৰু পৰিচালনা কেন্দ্ৰ । আনহাতে, ৰাষ্ট্ৰপতি জ’ বাইডেনে এক বিবৃতিত স্পষ্ট কৰি দিয়ে যে এনে ধৰণৰ আক্ৰমণৰ ঘটনা আৰু বহু হ'ব ।
"আমাৰ সঁহাৰি আজিৰ পৰা আৰম্ভ হৈছে । এই আক্ৰমণ আমি বাছনি কৰা সময় আৰু স্থানবোৰত অব্যাহত থাকিব ।" বাইডেনে কয় । তেওঁ লগতে সতৰ্ক কৰি দিয়ে, "যিসকলে আমাক ক্ষতি কৰিব বিচাৰিব তেওঁলোকে এইটো জানি থওক: যদি আপোনালোকে এজনো আমেৰিকানৰ ক্ষতি কৰে, তেন্তে আমি তাৰ উচিত প্ৰত্যুত্তৰ দিম ।"
উল্লেখ্য যে বাইডেন আৰু আন শীৰ্ষ আমেৰিকান নেতাসকলে কেইবাদিনো ধৰি এইটো কৈ আহিছে যে যিকোনো আমেৰিকানক ক্ষতিৰ প্ৰত্যুত্তৰ কেৱল এটা আক্ৰমণ নহয়, ই সময়ৰ লগে লগে বিভিন্ন স্তৰত হ'ব ।