অসম

assam

ETV Bharat / entertainment

নিউজ এডিটৰৰ ৰূপত আহি আছে আদিল হুছেইন

কেইবাখনো হিন্দী ছবিৰ কামত ব্যস্ত আদিল হুছেইন । বিশেষ এখন ছবিত সাংবাদিকৰ ৰূপত দেখা যাব জনপ্ৰিয় অভিনেতাগৰাকীক ।

Adil Hussain will be seen in the role of a news editor in a Hindi film
নিউজ এডিটৰৰ ৰূপত দেখা পোৱা যাব আদিল হুছেইনক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 21, 2025 at 2:53 PM IST

যোৰহাট: এইবাৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ ৰূপত আহি আছে বলীউডৰ তাৰকা অভিনেতা, অসমৰ সু-সন্তান আদিল হুছেইন । এটা টেলিভিশ্যন চেনেলৰ নিউজ এডিটৰ হিচাপে এখন হিন্দী ছবিত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে অভিনেতাগৰাকী । সাংবাদিক নিগ্ৰহ আৰু সাংবাদিকৰ কঠিন জীৱনৰ এক সঁচা কাহিনীৰ ওপৰত নিৰ্মিত ছবিখনত বিশেষ ভূমিকাত দেখা যাব হুছেইনক ।

ইতিমধ্যে বলীউড তথা হলীউডতো অভিনয় দক্ষতাৰে উজলি উঠা আদিল হুছেইনে পৰৱৰ্তী ছবিখনৰ সন্দৰ্ভত কয়,"মোৰ নতুন প্ৰজেক্ট এসোপা । এখন ছবি হৈছে নেটফ্লিক্সৰ ৷ নাম হৈছে 'ৰিপ'ৰ্টিং লাইফ' । সাংবাদিকৰ ওপৰত, মই টেলিভিশ্যন চেনেলৰ নিউজ এডিটৰ । সত্য ঘটনাৰ ওপৰত আধাৰিত ছবিখন । বিহাৰত বালি মাফিয়াই সাংবাদিকক মাৰি পেলাইছিল তেওঁলোকক পোহৰলৈ অনাৰ বাবে এই ছবিখন ।"

নিউজ এডিটৰৰ ৰূপত দেখা পোৱা যাব আদিল হুছেইনক (ETV Bharat Assam)

হুছেইনে আৰু কয়, "লগতে নেটফ্লিক্সৰ চিৰিজ এখন, পৰহি লণ্ডনৰ পৰা আহি পাইছোঁ ছবি এখন কৰি ৷ ছবিখন হৈছে- 'দ্যা ক্লাউড জেহাদ ব্ৰিজেজ টু', ইংৰাজী ভাষাৰ ছবি । তাৰ পাছত আৰু এখন ছবি আছে ৷ নামটো ইংৰাজী কিন্তু ছবিখন হিন্দী ৷ 'চিক্ৰেট অৱ মাউণ্টেইন চাৰ্পেণ্ট' ৷ পৰ্বতৰ সাপৰ গোপন ৰহস্য অসমীয়াত যদি ক'বলৈ যাও । এইবোৰ ওলাব আৰু লাহে লাহে ।"

উল্লেখ্য যে সোমবাৰে যোৰহাটত অনুষ্ঠিত হয় ৰবি শৰ্মা অভিনীত আহিবলগীয়া ব্যয়বহুল ছবি 'ৰুদ্ৰ'ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠান । যোৰহাটৰ ইলি ছবিগৃহত অনুষ্ঠিত উক্ত অনুষ্ঠানটিত অংশগ্ৰহণ কৰে 'ৰুদ্ৰ'ত অন্যতম এক চৰিত্ৰত অভিনয় কৰা আদিল হুছেইনে । ছবিখনৰ ট্ৰেইলাৰ উপভোগ কৰি ছবিখনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে হুছেইন ।

ইয়াৰ পিছতে সাংবাদিকৰে হোৱা এক বাৰ্তালাপত জ্যেষ্ঠ অভিনেতাগৰাকীয়ে ছবিখনৰ সন্দৰ্ভত কয়, "মই ছবিখন এতিয়ালৈকে চোৱা নাই, কিন্তু মোৰ দৃঢ় বিশ্বাস যে ৰবি শৰ্মাৰ অত্যন্ত সুন্দৰ অভিনয় আৰু এক্সনৰ লগত ৰবি শৰ্মাৰ থকা যিটো সম্পৰ্ক, সেইটোক মই বিশ্বাস কৰিছোঁ । ৰূপক গগৈৰ পৰিচালনা আৰু প্ৰযোজকসকলে বহুত ধন খৰচ কৰিছে, ভাল এটা কোৱালিটী দিবৰ কাৰণে, ভাল এটা প্ৰডাক্সন ভেল্যু দিবৰ কাৰণে ।"

তেওঁ লগতে কয়, "মই যিটো দেখিলোঁ টিজাৰ আৰু ট্ৰেইলাৰ, মোৰ বোধেৰে মানুহে চাই বিৰাট ভাল পাব । কাহিনীটো খুব এটা বেলেগ ধৰণৰ, যিটো মই ভাবো যে গোটেই ভাৰতবৰ্ষৰ লগত সম্পৰ্ক থকা । অসমত যদিও ঘটনাটো ঘটিছে বা বাহিৰতো ঘটিছে, কিন্তু এয়া সমগ্ৰ ভাৰতবৰ্ষৰ লগত সম্পৰ্ক আছে ।"

লগতে পঢ়ক:যোৰহাটত বিজেপিৰ বৰ্ধিত সাংগঠনিক সভা: গেৰুৱাময় গৌৰৱ গগৈৰ যোৰহাট - JORHAT BJP MEETING

ইলি চিনেমা হলত ৰুদ্ৰৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠান, জুইৰ সৈতে ৰবি শৰ্মাৰ ষ্টাণ্ট - ASSAMESE ACTION MOVIE RUDRA TRAILER