ইলি চিনেমা হলত ৰুদ্ৰৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠান, জুইৰ সৈতে ৰবি শৰ্মাৰ ষ্টাণ্ট
বলীউড অভিনেতা অক্ষয় কুমাৰৰ দৰে ৰবি শৰ্মাইয়ো খেলিলে জুইৰ সৈতে । ছবিখনৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত এইদৰে দেখা গ’ল অভিনেতাজনক ।

By ETV Bharat Entertainment Team
Published : May 20, 2025 at 1:31 PM IST
যোৰহাট: যোৰহাটৰ ইলি চিনেমা হলত ৰবি শৰ্মাৰ ষ্টাণ্ট ৷ গাত জুই লগাই চিনেমাহলত প্ৰৱেশ কৰিলে ৰবি শৰ্মাই ৷ বলীউড অভিনেতা অক্ষয় কুমাৰৰ পাছত এনে ষ্টাণ্ট কৰা ভাৰতবৰ্ষৰ দ্বিতীয়গৰাকী অভিনেতা হৈ পৰিছে ৰবি শৰ্মা ৷ অভিনেতাজনক এই কথা জনাই খোদ ষ্টাণ্টত সহায় কৰা ব্যক্তিজনে ৷
যিখন অসমীয়া বোলছবিক লৈ বিশেষ চৰ্চা চলি আছে, সেই ছবিখনৰে ট্ৰেইলাৰ মুকলি অনুষ্ঠানত অনুৰাগীৰ চমক দি হলত প্ৰৱেশ কৰে ৰবি শৰ্মাই ৷ সোমবাৰে যোৰহাটৰ ইলি চিনেমা হলত এই ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হয় ৷ এখন একশ্যন থ্ৰিলাৰ ছবি এইখন ৷
চলিত বছৰৰ ৬ জুনত ছবিগৃহত মুক্তিলাভ কৰিব এই ছবিখনে । নাম 'ৰুদ্ৰ' ৷ এই ছবিখনত প্ৰথমবাৰৰ বাবে স্ক্ৰীণ শ্বেয়াৰ কৰিছে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৃত অভিনেতা আদিল হুছেইন আৰু ৰবি শৰ্মাই ৷ দুয়োকে একেলগে চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে অনুৰাগীসকলো ৷
উল্লেখনীয় কথাটো হ’ল যে সোমবাৰে 'ৰুদ্ৰ'ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত যথেষ্ট ভিৰ দেখা পোৱা গ’ল ৷ দৰ্শকৰ এই সঁহাৰি সঁচাই প্ৰশংসনীয় ৷ ছবিখনৰ পৰিচালক ৰূপক গগৈ, ৰবি শৰ্মা, আদিল হুছেইন, নন্দিনী কাশ্যপ, অৰ্শীতা আগৰৱালা, কণ্ঠশিল্পী নীল আকাশৰ লগতে বহু গণ্যমান্য ব্যক্তিও ছবিগৃহত উপস্থিত থাকে ৷

'ৰুদ্ৰ' ছবিখনৰ টীমটোৰ সৈতে একেলগে থিয় হৈ অভিনেতা আদিল হুছেইনে দৰ্শকক উদ্দেশ্যি ক’লে যে অসমীয়া দৰ্শকৰ আশীৰ্বাদ তেওঁৰ সৈতে থকাৰ বাবেহে তেওঁ এই পৰ্যায়ত উপনীত হ’ব পাৰিছে ৷ 'ৰুদ্ৰ' ছবিখনত কাম কৰি ভাল লগাৰ কথাও তেওঁ প্ৰকাশ কৰে ৷
আনহাতে ছবিখনক লৈ যথেষ্ট আশাবাদী অভিনেতা ৰবি শৰ্মা ৷ ছবিখন ছবিগৃহলৈ আহি চালে কাৰোৰে এক পইচাও অথলে নাযায় বুলি তেওঁ দৃঢ়তাৰে কয় ৷ আদিল হুছেইনৰ লগত কাম কৰিবলৈ পোৱাটো তেওঁৰ বাবে সৌভাগ্য বুলিও মন্তব্য আগবঢ়ায় ৷
ধ্বনি ৰেকৰ্ডছ ইউটিউব চেনেলত 'ৰুদ্ৰ' ট্ৰেইলাৰটো মুকলি কৰা হৈছে ৷ ইয়াত ৰবি শৰ্মাক দুটা ৰূপত দেখিবলৈ পোৱা গৈছে ৷ এটাত খলনায়ক আৰু এটাত নায়ক যেন অনুভৱ হৈছে ৷ দেশৰ বাবে ওলাই যোৱা ৰবি শৰ্মাই কিদৰে দেশ মাতৃৰ বাবে যুঁজিব সেয়া চোৱাটো লক্ষ্যণীয় হ’ব ৷
ছবিখনৰ শ্বুটিং অসমৰ ভিন্ন প্ৰান্তৰ লগতে হায়দৰাবাদতো কৰা হৈছে ।
লগতে পঢ়ক : এইবাৰ বাংলা ভাষাত আহি আছে 'ৰুদ্ৰ'

