ETV Bharat / state

যোৰহাটত বিজেপিৰ বৰ্ধিত সাংগঠনিক সভা: গেৰুৱাময় গৌৰৱ গগৈৰ যোৰহাট

পঞ্চায়ত নিৰ্বাচনত ব্যাপক সফলতাৰ পিছত যোৰহাটত বিজেপিৰ বৰ্ধিত সাংগঠনিক সভা ।

Jorhat BJP meeting
যোৰহাটত বিজেপিৰ বৰ্ধিত সাংগঠনিক সভা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 21, 2025 at 1:37 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: ২০২৬ চনত অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । তাৰ পূৰ্বে ৰাজনৈতিক দলবোৰে তৃণমূল পৰ্যায়ৰ ভেটি শক্তিশালী কৰাৰ বাবে ৰণকৌশল প্ৰস্তুত কৰিছে । বিশেষকৈ শাসকীয় দল বিজেপিয়ে এতিয়াৰে পৰা দলৰ ভেটি শক্তিশালী কৰাত জোৰ দিছে । উজনি অসমত লোকসভাত বিজেপিয়ে আশানুৰূপ ফলাফল দেখুৱাব পৰা নাছিল । কিন্তু এটা বছৰৰ পিছতে পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে উজনিত বিজেপিয়ে অভূতপূৰ্ব সফলতা দেখুৱাইছে । যাৰ বাবে দুগুণ উৎসাহেৰে উজনি অসমত দলৰ ভেটি শক্তিশালী কৰাৰ বাবে নামিছে বিজেপিৰ শীৰ্ষ নেতাৰ পৰা তৃণমূল কৰ্মীলৈ । কাৰণ স্বাধীনতাৰ পিছত উজনিত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ দুৰ্গ তৃণমূল পৰ্যায়লৈকে উছন কৰি বিজেপিয়ে আশাতীত সফলতা লাভ কৰিছে ।

বিজেপিৰ বৰ্ধিত সাংগঠনিক সভা

যোৰহাটত বিজেপিৰ বৰ্ধিত সাংগঠনিক সভা (ETV Bharat)

সেয়ে এইবাৰ বিজেপিৰ বৰ্ধিত সাংগঠনিক সভা অনুষ্ঠিত হৈছে যোৰহাটত । জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা বৰ্ধিত সভালৈ বিজেপিৰ শীৰ্ষ নেতাসকলৰ আগমন হৈছে । সভালৈ দলৰ শীৰ্ষ পৰ্যায়ৰ নেতাৰ পৰা সকলো তৃণমূল কৰ্মীক বিজেপি যোৰহাট জিলাৰ কৰ্মীসকলে উষ্ম আদৰণি জনাইছে । ইতিমধ্যে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, ৰাজ্যিক প্ৰভাৰী হৰিশ ত্ৰিবেদী, ৩৯ খন সাংগঠনিক জিলা বিষয়াববীয়া, জিলা সভাপতি, প্ৰভাৰী, সহ-প্ৰভাৰী সহিতে মুখ্যমন্ত্ৰী আৰু কেবিনেট সতীৰ্থসকল উপস্থিত হৈ উক্ত বৰ্ধিত সাংগঠনিক সভাত অংশগ্ৰহণ কৰিছে ।

আনহাতে বিজেপিৰ বৰ্ধিত সাংগঠনিক সভাত সমাগত ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ ৰণকৌশল, বি টি আৰ নিৰ্বাচন আৰু মিচিং স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচনৰ ৰণকৌশলৰ ওপৰতো আলোচনা কৰা হ'ব বুলি বিজেপি এক সূত্ৰই জানিবলৈ দিয়ে ।

সভাত মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয়, "কংগ্ৰেছক এতিয়া ৰাইজে প্ৰত্যাখ্যান কৰিছে, আমি পঞ্চায়ত নিৰ্বাচনত অভূতপূৰ্ব সফলতা লাভ কৰা পিছতো আমি বোমা-ফটকা ফুটাই আনন্দ উল্লাস কৰা নাই । কলিয়াবৰ সমষ্টিত যিদৰে গৌৰৱ গগৈয়ে সময় দিব নোৱাৰিলে ঠিক তেনেদৰে যোৰহাট সমষ্টিৰ ৰাইজকো সময় দিব পৰা নাই । গৌৰৱ গগৈৰ জনপ্ৰিয়তা এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত নাই, ইজনৰ পিছত সিজন নেতাই গৌৰৱ গগৈৰ সংগ ত্যাগ কৰিছে । গৌৰৱ গগৈয়ে মূলতঃ পিতৃ আবেগ সৃষ্টি কৰিহে লোকসভা নিৰ্বাচনত জয়ী হৈছিল ।"

লগতে পঢ়ক :পাগত উঠিছে হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ ৰাজনৈতিক যুদ্ধ - GAURAV HIMANTA FACE OFF