অসম

assam

বায়ু সেনাৰ কনভয়ত আক্ৰমণৰ পিচতে পুঞ্চত তীব্ৰ তালাচী - IAF convoy attack

By ANI

Published : May 6, 2024, 4:29 PM IST

IAF convoy attack: জম্মু-কাশ্মীৰৰ পুঞ্চত বায়ু সেনাৰ কনভয়ত আক্ৰমণ হৈছিল । সেই আক্ৰমণৰ পিচতে সন্ত্ৰাসবাদীক বিচাৰি জিলাখনত নিৰাপত্তা বাহিনীয়ে তালাচী অব্যাহত ৰাখিছে । অতিৰিক্ত বাহিনী মোতায়েন ।

IAF convoy attack
বায়ু সেনাৰ কনভয়ত আক্ৰমণৰ পিচতে পুঞ্চত তীব্ৰ তালাচী (IANS)

নেশ্যনেল ডেস্ক,৬ মে':ভাৰতীয় বায়ু সেনাৰ কনভয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিচতে সেনাই পুঞ্চ জিলাৰ চুৰানকোটৰ শ্বাহচিতাৰ অঞ্চলত ব্যাপক তালাচী অভিযান আৰম্ভ কৰিছে । শনিবাৰে সন্ত্ৰাসবাদীয়ে বায়ু সেনাৰ কনভয়ত আক্ৰমণ কৰিছিল । য'ত এজন জোৱান শ্বহীদ হয় আৰু আন চাৰিজন আহত হয় । লগে লগে সমগ্ৰ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে ।

বিষয়াসকলৰ মতে, চলিত অভিযানৰ অংশ হিচাপে সশস্ত্ৰ বুলেটপ্ৰুফ বাহনসমূহে অঞ্চলটোত তহল দি আছে । আনহাতে বাহনসমূহ পৰীক্ষা কৰিবলৈ স্নিফাৰ ড'গ মোতায়েন কৰা হৈছে । আক্ৰমণৰ সৈতে জড়িত সন্ত্ৰাসবাদীক বিচাৰি উলিওৱাৰ বাবে নিৰাপত্তা বাহিনী তৎপৰ হৈ পৰিছে ।

অৱশ্যে অঞ্চলটোত সাধাৰণ নাগৰিকৰ সুৰক্ষাৰ প্ৰতিও গুৰুত্ব দিয়া হৈছে । ইয়াৰ পূৰ্বে ৫ মে'ত সেনা, আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলে পুঞ্চ ভ্ৰমণ কৰি এক বৃহৎ তালাচী অভিযান তদাৰক কৰে ।

জম্মুৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানে কোৱা মতে ১৬ কৰ্পছ আৰু এডিজি জম্মু জ'নৰ কৰ্পছ কমাণ্ডাৰ আনন্দ জৈনে জিঅ'চি ৰোমিঅ' বাহিনী, আইজিপি চিআৰপিএফ আৰু ডিআইজি আৰপি ৰেঞ্জৰ সৈতে অঞ্চলটো পৰিদৰ্শন কৰিছে আৰু চলিত বৃহৎ তালাচী অভিযানৰ বুজ লয় । ইফালে বহুতো সন্দেহজনক লোকক সোধা-পোছাৰ বাবে আটক কৰা হৈছে বুলিও আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰে ।

ব্যাপক তালাচীৰ মাজতে ভাৰতীয় সেনাৰ অতিৰিক্ত বাহিনীও শনিবাৰে নিশা পুঞ্চৰ জাৰা ৱালি গালিত উপস্থিত হয় । উল্লেখ্য যে শনিবাৰে আক্ৰমণৰ পিচতে আহত জোৱানসকলক ততাতৈয়াকৈ উধমপুৰৰ কমাণ্ড চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । অৱশ্যে, আঘাতপ্ৰাপ্ত এজনৰ মৃত্যু হয় । আক্ৰমণৰ ঠিক পিচতে স্থানীয় ৰাষ্ট্ৰীয় ৰাইফলছ গোটে অপৰাধীসকলক বিচাৰি উলিয়াবলৈ সেনা আৰু আৰক্ষীৰ সমৰ্থনত সমীপৰ অঞ্চলবোৰত তালাচী অভিযান আৰম্ভ কৰে ।

লগতে পঢ়ক :বায়ু সেনাৰ কনভয় আক্ৰমণ: পুঞ্চত সন্ত্ৰাসবাদীৰ সন্ধান, সোধা-পোছাৰ বাবে কেইবাজনো লোকক আটক - Air Force Convoy Attack

ABOUT THE AUTHOR

...view details