অসম

assam

হিমাচল চৰকাৰ নিশ্চিত পতনৰ দিশে; অযোগ্য কংগ্ৰেছ বিধায়ক ৰাণাৰ দাবী

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 2:28 PM IST

Disqualified Congress MLA Rana : হিমাচল প্ৰদেশত এইখন কংগ্ৰেছৰ চৰকাৰ নহয়; এইখন কেৱল সুখবিন্দৰ চুখুৰ বন্ধুসকলৰ চৰকাৰ । ৰাজ্যখনৰ পৰিস্থিতিৰ বিষয়ে সকলোৱে অৱগত । এএনআইৰ আগত ৰজিন্দৰ ৰাণাই কয় ।

হিমাচল চৰকাৰ নিশ্চিত পতনৰ দিশে
হিমাচল চৰকাৰ নিশ্চিত পতনৰ দিশে

নিউজ ডেস্ক, ২ মাৰ্চ : হিমাচল প্ৰদেশৰ বৰ্তমানৰ সুখবিন্দৰ সিং চুখু নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ প্ৰতি সম্পূৰ্ণ অসন্তুষ্টি প্ৰকাশ কৰিছে কংগ্ৰেছৰ অযোগ্য বিধায়ক ৰজিন্দৰ ৰাণাই । অযোগ্য ঘোষণা কৰা ছয়গৰাকী বিধায়কৰ ভিতৰত এগৰাকী ৰাণাই শনিবাৰে কয় যে আন বহুতো বিধায়কে তেওঁলোকৰ সৈতে যোগাযোগ কৰি আছে আৰু ৰাজ্যখনৰ চৰকাৰ 'সোনকালেই উৎখাত হ'ব' ।

"এবছৰতকৈও অধিক সময় হ'ল; আমি নিৰন্তৰভাৱে হাইকমাণ্ডৰ ওচৰত উদ্বেগ প্ৰকাশ কৰি আহিছোঁ যে হিমাচল প্ৰদেশ কংগ্ৰেছত একো ঠিকে থকা নাই । হিমাচল প্ৰদেশত এইখন কংগ্ৰেছৰ চৰকাৰ নহয়; এইখন কেৱল সুখবিন্দৰ চুখুৰ বন্ধুসকলৰ চৰকাৰ । ৰাজ্যখনৰ পৰিস্থিতিৰ বিষয়ে সকলোৱে অৱগত ।" এএনআইৰ আগত ৰজিন্দৰ ৰাণাই কয় ।

"যুৱসকলে পৰীক্ষা দি উঠি ৰাজপথত নামিবলগা হৈছে । তেওঁলোকে এতিয়াও ফলাফলৰ বাবে অপেক্ষা কৰি আছে । জনসাধাৰণক দিয়া গেৰাণ্টি পূৰণ কৰা হোৱা নাই আৰু নিৰ্বাচিত বিধায়কসকলক অসন্মানজনক ব্যৱহাৰ কৰা হৈছে ।" তেওঁ লগতে কয় ।

আনহাতে, চুখুৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি ৰাণাই কয় যে নগৰাকী বিধায়কৰ আটাইকেইগৰাকী চৰকাৰৰ সৈতে সম্পূৰ্ণৰূপে অতিষ্ঠ হৈ পৰিছে । তেওঁ কয়, "আমি হাইকমাণ্ডৰ ওচৰত এক সতৰ্কবাণী উত্থাপন কৰিছোঁ যে যদি হিমাচল প্ৰদেশত কংগ্ৰেছ চৰকাৰ ৰক্ষা কৰাৰ প্ৰয়োজন হয়, তেন্তে এইগৰাকী মুখ্যমন্ত্ৰীক আঁতৰোৱাৰ প্ৰয়োজন আছে ।"

"দেশত যেনেদৰে কংগ্ৰেছ দলটো তাচপাতৰ দৰে খহি পৰিছে, হিমাচল প্ৰদেশতো একেই ঘটনা ঘটিছে । হিমাচল প্ৰদেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আটাইতকৈ ডাঙৰ মিথ্যাচাৰী । তেওঁ হিমাচলৰ অগ্ৰগতিৰ গতি ৰোধ কৰি ৰাখিছে ।" ৰাণাই কয় ।

আনহাতে, মুখ্যমন্ত্ৰীয়ে অযোগ্য বিধায়কসকল তেওঁৰ ওচৰলৈ যোৱা বুলি যি দাবী কৰিছে সেয়া খাৰিজ কৰি ৰাণাই স্পষ্টভাৱে কয় যে এই দাবীবোৰ মিছা । "আমি সকলোৱে ইয়াত বহি আছোঁ আৰু তেওঁৰ সৈতে কোনো যোগাযোগ কৰা নাই ।" তেওঁ স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক :লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাতৰি অস্বীকাৰ যুৱৰাজ সিঙৰ

ABOUT THE AUTHOR

...view details