নেশ্যনেল ডেস্ক,২৮ মাৰ্চ :দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মুখ্যমন্ত্ৰীৰ পদ বাহাল থাকিব ! আদালতে কেজৰিৱালৰ মুখ্যমন্ত্ৰীৰ পদ অপসাৰণ বিচৰা এখন পিআইএল খাৰিজ কৰে । সুৰা নীতি কেলেংকাৰী গোচৰত কেজৰিৱালক ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল । কাৰাগাৰত যোৱাৰ পিচতে তেওঁৰ মুখ্যমন্ত্ৰীৰ পদ বাহাল থাকিব লাগে নে নাই সেই সন্দৰ্ভত বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । কাৰ্যকৰী মুখ্য ন্যায়াধীশ মনমোহনৰ নেতৃত্বত এখন বিচাৰপীঠে কয় যে এয়া আদালতৰ কাম নহয়, ই কাৰ্যবাহীৰ কাম । শুনানিৰ সময়ত আদালতে প্ৰশ্ন কৰে যে এনে এখন আইনৰ কথা উল্লেখ কৰক য'ত মুখ্যমন্ত্ৰীৰ পদৰ পৰা অপসাৰণৰ ব্যৱস্থা আছে ।
আদালতে কয় যে যদি সাংবিধানিক বিফলতা হয়, ৰাষ্ট্ৰপতি বা লেফটেনেণ্ট গভৰ্ণৰে সিদ্ধান্ত ল'ব । এই বিষয়ত ন্যায়িক হস্তক্ষেপৰ কোনো প্ৰয়োজন নাই । আদালতে লগতে কয় যে আজি বাতৰি কাকতত প্ৰকাশ পাইছে যে লেফটেনেণ্ট গভৰ্ণৰে এই বিষয়টো পৰীক্ষা কৰি আছে । তাৰ পিচত বিষয়টো ৰাষ্ট্ৰপতিৰ ওচৰলৈ যাব । আদালতৰ মতে প্ৰতিটো কামৰ বাবে এক পৃথক শাখা থাকে ।