ETV Bharat / state

ডিব্ৰুগড়ত বঞ্চিত চাহ শ্ৰমিকে দাহ কৰিলে প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ পুত্তলিকা - Tea Estate Labour Protest

author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 1:57 PM IST

Protest In Tea Estate : নৱেম্বৰৰ পৰাই নিয়মীয়াকৈ লাভ কৰা নাই দৈনিক মজুৰি । নিয়মীয়া মজুৰি, ৰেচনৰ পৰা বঞ্চিত এণ্ড্ৰিউ য়ুল কোম্পানীৰ অধীনৰ ১২ খনকৈ চাহ বাগিচাৰ শ্ৰমিক ।

Protest In Tea Estate
প্ৰতিবাদত কঁপি উঠিল মৰাণ আৰু লাহোৱাল (ETV BHARAT ASSAM)

প্ৰতিবাদত কঁপি উঠিল মৰাণ আৰু লাহোৱাল (ETV BHARAT ASSAM)

মৰাণ, ২১ মে' : প্ৰাপ্য অধিকাৰ বিচাৰি সহস্ৰাধিক বাগিচা শ্ৰমিকে কৰা প্ৰতিবাদত কঁপি উঠিল মৰাণ আৰু লাহোৱাল । মৰাণৰ সমীপৰ দুখনকৈ চাহবাগিচা ক্ৰমে বামুণবাৰী আৰু খোৱাং চাহ বাগিচাত পৃথকে পৃথকে সহস্ৰাধিক শ্ৰমিকে সমদল কৰি কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু এণ্ড্ৰিউ য়ুল কোম্পানীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

অসম চাহ মজদুৰ সংঘৰ আহ্বান ক্ৰমে এণ্ড্ৰিউ য়ুল চাহ কোম্পানীৰ শ্ৰমিক বিৰোধী নীতি, দা-দৰমহা, ৰেচন, চিকিৎসা সেৱা, ভৱিষ্য নিধিৰ গ্রেচ্যুইটী আদায় নিদিয়া আৰু শ্রম আইন বলবৎ নকৰা বাবে ৰাজপথতে প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে । কেৱল ইমানেই নহয় ৰাজপথতে প্ৰতিবাদকাৰী সকলে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, শ্ৰমমন্ত্ৰী আৰু বাগিচাৰ পৰিচালন সঞ্চালকৰ প্ৰতিকৃতি দাহ কৰে । এই প্ৰতিবাদত সহযোগ কৰে আছা আৰু আটছাৰ নেতাসকলে ।

আনহাতে, ভাৰত চৰকাৰৰ এটি বৃহৎ চাহ সংস্থাৰ এণ্ড্ৰিউ য়ুল এণ্ড কোম্পানী লিমিটেডৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ লাহোৱালত চাহ শ্ৰমিকে তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰে । ডিব্ৰুগড়ৰ লাহোৱালৰ বাচমতীয়া চাহ বাগিচা কাৰ্যালয়ৰ সন্মুখত কেইবাখনো বাগিচাৰ শ শ চাহ শ্ৰমিকে একত্ৰিত হৈ মঙলবাৰে নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে ।

এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিকৃতি দাহ কৰে । প্ৰতিবাদকাৰীসকলে "বিজেপি চৰকাৰ হায় হায়", "শ্ৰমিক ঐক্য জিন্দাবাদ" আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

শ্ৰমিকসকলে বাচমতীয়া চাহ বাগিচাত একত্ৰিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে শীঘ্ৰে সমস্যা সমাধান নকৰিলে ইয়াতকৈও আন্দোলন তীব্ৰতৰ হ'ব বুলি শ্ৰমিকসকলে সকীয়াই দিয়ে ।

উল্লেখযোগ্য যে এণ্ড্ৰিউ য়ুল কোম্পানীৰ অধীনৰ অসমৰ ১২ খনকৈ চাহ বাগিচাৰ শ্ৰমিকসকলে ২০২৩ বৰ্ষৰ নৱেম্বৰৰ পৰাই নিয়মীয়াকৈ লাভ কৰা নাই দৈনিক মজুৰি, ৰেচনৰ লগতে আন আন সা-সুবিধাসমূহ ৷ যাৰ বাবে জীৱন ধাৰণৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে বাগিচাকেইখনত কৰ্মৰত চাহ শ্ৰমিকসকলৰ ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে কোম্পানীটোৱে শ্ৰমিকসকলৰ এমাহৰ মজুৰি মোকলাই দিছিল যদিও নিৰ্বাচনৰ পিছতে পুনৰ মজুৰি বন্ধ হৈ পৰাত হাহাকাৰ কৰিবলগীয়া হৈছে শ্ৰমিকসকলে ৷

লগতে পঢ়ক:প্ৰাপ্য়ৰ দাবীত শ্ৰমিকে ঘেৰাও কৰিলে হোলোংগুৰি চাহ বাগিচাৰ কাৰ্যালয় - Protest In Tea Estate

শ শ চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল দুলীয়াজানৰ জুটুলীবাৰী চাহ বাগিচা - Tea Estate Labour Protest

মজুৰি বঞ্চিত শ্ৰমিকৰ প্ৰতিবাদত উত্তাল খোৱাং চাহ বাগিচা - Tea Estate Labour Protest

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.