ETV Bharat / sports

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হাতত ৪ উইকেটত পৰাস্ত মুম্বাই - LSG vs MI IPL 2024

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 10:46 PM IST

Updated : May 1, 2024, 3:11 PM IST

LSG vs MI IPL 2024
LSG VS MI MATCH HIGHLIGHTS

LSG VS MI MATCH: আই পি এলৰ ৪৮ সংখ্যক মেচখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে মুম্বাই ইণ্ডিয়ানছক ৪ উইকেটত পৰাস্ত কৰে । লক্ষ্ণৌক জয়ৰ বাবে ১৪৫ ৰাণ লক্ষ্য বান্ধি দিছিল মুম্বাইয়ে ।

নিউজ ডেস্ক, ৩০ এপ্ৰিল: লক্ষ্ণৌৰ ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী একনা ষ্টেডিয়ামত আই পি এল ২০২৪ ৰ ৪৮ সংখ্যক মেচখনত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হাতত পৰাস্ত হয় মুম্বাই ইণ্ডিয়ানছ । লক্ষ্ণৌৱে ৪ উইকেটত পৰাস্ত কৰে মুম্বাইক । মুম্বাই দলে ১৪৫ ৰাণৰ লক্ষ্য বান্ধি দিছিল লক্ষ্ণৌক জয়ৰ বাবে । প্ৰত্যুত্তৰত ১৯.২ অভাৰত ৬ উইকেট হেৰুৱাই মেচখনত জয়লাভ কৰে লক্ষ্ণৌৱে ।

লক্ষ্ণৌৰ হৈ মাৰ্কাচ ষ্টইনিছে ৪৫ টা বলত দুটা ছিক্সাৰ আৰু ৭ টা বাউণ্ডেৰীসহ মুঠ ৬২ ৰাণ সংগ্ৰহ কৰে । অধিনায়ক কে এল ৰাহুলে ২৮(২২), দীপক হুদাই ১৮(১৮), নিকোলাচ পুৰানে ১৪(১৪) ৰাণৰ বৰঙণি যোগায় ।

ইফালে প্ৰথমে বেটিং কৰিবলৈ আহি মুম্বাই ইণ্ডিয়ানছ বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় । ২৭ ৰাণতে মুম্বাই দলে হেৰুৱাই ৪ টাকৈ গুৰুত্বপূৰ্ণ উইকেট । লক্ষ্ণৌৰ বিৰুদ্ধে সন্তোষজনক ৰাণ কৰাত ব্যৰ্থ হয় অপেনাৰ ৰোহিত শৰ্মা । মাত্ৰ ৪ ৰাণ কৰিয়েই পেভিলিয়নলৈ ওভতে হিটমেন । মিঃ ৩৬০ ডিগ্ৰী খ্যাত সূৰ্যকুমাৰ যাদৱো মাত্ৰ ১০ ৰাণ কৰিয়েই আউট হয় । ৭ ৰাণ কৰি ৰাণ আউট হয় তিলক বাৰ্মা । ইফালে অপেনাৰ হাৰ্দিক পাণ্ডিয়া কোনো ৰাণ নকৰাকৈয়ে পেভিলিয়নলৈ ওভতে ।

অৱশ্যে ঈশান কিষাণ আৰু নেহালে দলৰ স্ক'ৰব'ৰ্ডত কিছু ৰাণ সংযোগ কৰে । ঈশানে ৩৬ টা বলত ৩২ ৰাণ কৰাৰ বিপৰীতে নেহালে ৪১ টা বলত ৪৬ ৰাণ সংগ্ৰহ কৰে । টিম ডেভিদে ১৮ টা বলত ৩৫ ৰাণ কৰি অপৰাজিত হৈ থাকে । নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেট হেৰুৱাই মুম্বাই ইণ্ডিয়ানছে ১৪৪ ৰাণ সংগ্ৰহ কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

আই পি এৰ চলিত ছিজনত বৰ্তমানলৈকে ১০ খন খেলৰ ভিতৰত ৬ খনত জয়ৰে লক্ষ্ণৌ দল পইণ্ট তালিকাত ৩ য় স্থানত আছে । একে সময়তে ১০ খন খেলৰ ভিতৰত মাত্ৰ ৩ খন খেলত জয়লাভ কৰা মুম্বাই ৯ নং স্থানত আছে । লক্ষ্ণৌ আৰু মুম্বাইৰ অভিলেখৰ কথা ক’বলৈ গ’লে এই পৰ্যন্ত দুয়োটা দলৰ মাজত মুঠ ৫ খন মেচ অনুষ্ঠিত হৈছে । ইয়াৰে লক্ষ্ণৌৱে ৪ খন খেলত জয়লাভ কৰিছে আৰু মুম্বাইয়ে মাত্ৰ ১খন খেলতহে জয় লাভ কৰিছে ।

লগতে পঢ়ক: কে কে আৰৰ বলাৰ হৰ্ষিত ৰাণাক জৰিমনা; এখন মেচৰ পৰাও বাহিৰ - IPL 2024

Last Updated :May 1, 2024, 3:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.