ETV Bharat / sports

কে কে আৰৰ বলাৰ হৰ্ষিত ৰাণাক জৰিমনা; এখন মেচৰ পৰাও বাহিৰ - IPL 2024

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 8:35 PM IST

Harshit Rana
IPL 2024

Harshit Rana Banned for A Game: কলকাতা নাইট ৰাইডাৰ্ছৰ পেচাৰ হৰ্ষিত ৰাণাক ইডেন গাৰ্ডেনত দিল্লী কেপিটেলছৰ বিৰুদ্ধে অনুষ্ঠিত খেলখনত আচৰণ বিধি উলংঘা কৰাৰ বাবে ১০০% মেচ ফী জৰিমনা বিহা হৈছে । লগতে তেওঁক এখন খেলৰ বাবে নিলম্বিত কৰা হৈছে ।

নিউজ ডেস্ক, ৩০ এপ্ৰিল: নগদ ধনেৰে সমৃদ্ধ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত দ্বিতীয়বাৰৰ বাবে পেনাল্টিৰ সন্মুখীন হোৱা কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ পেচাৰ হৰ্ষিত ৰানাক ১০০ শতাংশ মেচ ফী জৰিমনা বিহা হৈছে । সোমবাৰে কলকাতাৰ বিখ্যাত ইডেন গাৰ্ডেনত দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলা খেলখনত সোঁহাতৰ পেচাৰগৰাকীয়ে আচৰণ বিধি ভংগ কৰাৰ বাবে তেওঁক এখন খেলৰ বাবে নিলম্বন কৰা হয় ।

আই পি এল কৰ্তৃপক্ষৰ এক বিবৃতি অনুসৰি, "টাটা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ৪৭ নং মেচত আই পি এলৰ আচৰণ বিধি ভংগ কৰাৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছৰ বলাৰ হৰ্ষিত ৰাণাক তেওঁৰ মেচ ফীৰ ১০০ শতাংশ জৰিমনা বিহাৰ লগতে এখন মেচৰ বাবে নিলম্বন কৰা হৈছে ।" (আই পি এল) ২০২৪ চনৰ ২৯ এপ্ৰিলত কলকাতাৰ ইডেন গাৰ্ডেনত দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলা খেলখনত তেওঁ আচৰণ বিধি ভংগ কৰিছিল ।"

  • " class="align-text-top noRightClick twitterSection" data="">

"ৰাণাই আই পি এলৰ আচৰণ বিধিৰ ২.৫ অনুচ্ছেদৰ অধীনত লেভেল ১ অপৰাধ সংঘটিত কৰিছিল । তেওঁ অপৰাধ স্বীকাৰ কৰি মেচ ৰেফাৰীৰ অনুমোদন মানি লৈছিল । লেভেল ১ৰ আচৰণ বিধি উলংঘাৰ বাবে মেচ ৰেফাৰীৰ সিদ্ধান্ত খেলুৱৈৰ বাবে চূড়ান্ত আৰু বাধ্যতামূলক । পূৰ্বেও আই পি এলৰ আচৰণ বিধিৰ একে স্তৰ আৰু অনুচ্ছেদৰ অধীনত শাস্তি প্ৰদান কৰা হৈছিল তেওঁক ।" বিবৃতিটোত লগতে কোৱা হৈছে ।

সোমবাৰৰ খেলখনত কেকেআৰে প্ৰথমে দিল্লী কেপিটেলছক ৯ উইকেটত মাত্ৰ ১৫৩ ৰানত সীমাবদ্ধ কৰি তাৰ পিছত মাত্ৰ ১৬.৩ অভাৰতে লক্ষ্য জয় কৰিছিল । হৰ্ষিত ৰাণাই নিজৰ ভূমিকা নিখুঁতভাৱে পালন কৰি চাৰি অভাৰত ২৮ ৰানত ২টা উইকেট দখল কৰিছিল ।

লগতে পঢ়ক: দিল্লীৰ বিৰুদ্ধে ৭ উইকেটত জয় লাভ কলকাতাৰ - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.