ETV Bharat / bharat

জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল - Weekly Horoscope

author img

By ETV Bharat Features Team

Published : May 19, 2024, 1:30 AM IST

Weekly Horoscope For 19th May to 25th May: কেনে যাব আপোনাৰ এই সপ্তাহটো ? জানিবলৈ পঢ়ক আপোনাৰ সপ্তাহটোৰ ৰাশিফল ৷ জ্যোতিষশাস্ত্ৰবিদৰ সৈতে জানক আপোনাৰ সপ্তাহটোৰ ৰাশিফল...

Weekly Horoscope For 19th May to 25th May 2024
জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল (SOURCE: ETV BHARAT ASSAM DESK)

মেষ ৰাশি: এই সপ্তাহত মেষ ৰাশিৰ লোকসকলে মনত ৰখা প্ৰয়োজন যে সন্তুষ্টিয়ে হৈছে চূড়ান্ত সুখৰ পথ ৷ জীৱনত অধ্যৱসায় আৰু কঠিন পৰিশ্ৰমৰ জৰিয়তে যিখিনি সম্পন্ন হৈছে তাতকৈ কম একো সম্ভৱ নহয় ৷ আপুনি সপ্তাহটোৰ প্ৰথম ভাগত নিজৰ সকলো কামতে কিছু মন্থৰতা লক্ষ্য কৰিব, সেয়া শৈক্ষিকেই হওক বা পেছাদাৰীয়ে হওক, পিছে আপুনি অগ্ৰগতি লাভ কৰিব ৷ গুৰুত্বপূৰ্ণ কামসমূহে কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে ৷ এই সপ্তাহত আপুনি নিজৰ কথা-বতৰা নিয়ন্ত্ৰণ কৰিব লাগিব, যাতে আপুনি নিজে কৰা কামটো পণ্ড নহয় ৷ আৰ্থিক দিশৰ পৰা সপ্তাহটোৰ দ্বিতীয়াৰ্ধটো আশাব্যঞ্জক যেন লাগিছে; এতিয়া কোনো শক্তিশালী ব্যক্তিৰ সৈতে নেটৱৰ্কিং কৰিলে ভৱিষ্যতে যথেষ্ট লাভ হ’ব পাৰে ৷ প্ৰেমৰ সম্পৰ্কত কোমলতা থাকিব ৷ আপোনাৰ ৰোমান্টিক সংগীৰ সৈতে ঘনিষ্ঠ সময় উপভোগ কৰাৰ সুযোগ পাব ৷ এটা খন্তেকীয়া পাৰিবাৰিক অৱকাশ থাকিব পাৰে ৷ স্বাস্থ্যৰ ক্ষেত্ৰত সকলো গতানুগতিক ৷

বৃষ ৰাশি: এই সপ্তাহত বৃষ ৰাশিৰ লোকসকলে নিজৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ ওপৰত গুৰুত্ব দিয়া উচিত ৷ নিজৰ ব্যক্তিগত জীৱনত সতৰ্কতাৰ প্ৰয়োজন আৰু যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ভালদৰে ভাবি-চিন্তি লোৱা উচিত ৷ সপ্তাহৰ আৰম্ভণিতে আপোনাৰ জীৱনটো ব্যস্ত হৈ পৰিব ৷ প্ৰতিপক্ষই আপোনাৰ ধাৰণা আৰু প্ৰয়াসত বাধা দিবলৈ চেষ্টা কৰিব পাৰে ৷ এই সময়ছোৱাত শান্ত হৈ থাকক আৰু সৰু-সুৰা সমস্যাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে সমাধান কৰি যাওক ৷ যিকোনো গুৰুত্বপূৰ্ণ ব্যৱসায়িক নিৰ্ণয় লোৱাৰ সময়ত আপোনাৰ শুভাকাংক্ষীসকলৰ পৰামৰ্শ ল’বলৈ মনত ৰাখিব ৷ এই সপ্তাহত বৃষ ৰাশিৰ জাতক/জাতিকাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অতিৰিক্ত গুৰুত্ব দিয়া উচিত ৷ খাদ্য আৰু পানীয় সেৱন কৰাৰ সময়ত অত্যন্ত সাৱধানতা অৱলম্বন কৰা উচিত ৷ সপ্তাহৰ মাজভাগত কামৰ সন্দৰ্ভত কোনো দীৰ্ঘ নাইবা চুটি ভ্ৰমণ সম্ভৱ ৷ যদি আপুনি নিজৰ সম্পৰ্ক সুদৃঢ় হোৱাটো বিচাৰে, তেন্তে আপোনাৰ প্ৰেমাস্পদৰ অনুভূতিক আওকাণ কৰা উচিত নহয় ৷ বিবাহিত লোকসকলে নিজৰ সংগীৰ স্বাস্থ্য সম্পৰ্কে চিন্তিত হ’ব ৷

মিথুন ৰাশি: এই সপ্তাহৰ আৰম্ভণিতে মিথুন ৰাশিৰ লোকসকলে ব্যক্তিগত জীৱনত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে ৷ কোনো সমস্যাৰ সমাধান বিচাৰি থাকোঁতে পৰিয়ালৰ আৱেগ-অনুভূতিক আওকাণ নকৰাটো গুৰুত্বপূৰ্ণ ৷ এই সপ্তাহত পৰিকল্পিতভাৱে কাম কৰিলে আপোনাৰ চাকৰি বা ব্যৱসায়ৰ বাবে লাভজনক হ’ব; অন্যথা আপোনাৰ হ’বলগীয়া কামো স্থগিত হৈ পৰিব পাৰে ৷ আপোনাৰ উৎপাদনশীলতাৰ সৈতে সংগতি ৰাখি নিজৰ ব্যৱসায় বৃদ্ধি কৰাৰ কথা চিন্তা কৰক ৷ আনৰ মতৰ ভিত্তিত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ভুলৰ পৰা আঁতৰি থাকক ৷ সপ্তাহৰ দ্বিতীয়াৰ্ধত আপুনি পৰিয়ালৰ কোনো বয়োজ্যেষ্ঠ সদস্যৰ স্বাস্থ্য সন্দৰ্ভত চিন্তিত হ’ব পাৰে ৷ এই সময়ছোৱাত আপুনি বহুতো সৌভাগ্যশালী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব ৷ কঠিন সময়ত আপোনাৰ প্ৰেমাস্পদেই আপোনাৰ শক্তি হৈ পৰিব ৷ বিবাহে আপোনাৰ জীৱনলৈ মধুৰতা কঢ়িয়াই আনিব ৷ মহিলাসকলে বেছিভাগ সময় ধৰ্মীয় কাম-কাজত কটাব ৷

কর্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক/জাতিকাসকলে এই সপ্তাহত যথেষ্ট সাফল্য তথা মংগলময়তা অনুভৱ কৰিব ৷ যিসকল লক্ষ্যহীনভাৱে কামৰ সন্ধানত আছে তেওঁলোকে সম্ভাৱনাৰ সন্মুখীন হ’ব লাগিব ৷ এগৰাকী প্ৰভাৱশালী লোকে আপোনাক আপোনাৰ কেৰিয়াৰৰ লক্ষ্য বাস্তৱায়িত কৰাত সহায় কৰিব ৷ বিশেষকৈ আইনী বিষয় সন্দৰ্ভত আপুনি যথেষ্ট সকাহ পাব পাৰে ৷ এই সময়ছোৱাত আপোনাৰ সুনাম, সন্মান আৰু মৰ্য্যাদা এই সকলোবোৰ বৃদ্ধি হ’ব ৷ চলিত সপ্তাহৰ দ্বিতীয়াৰ্ধত ব্যৱসায়িক ভ্ৰমণৰ পৰা যথেষ্ট আৰ্থিক লাভ হ’ব ৷ এই সময়ছোৱাত ঘনিষ্ঠ বন্ধু নাইবা ক্ষমতাশালী ব্যক্তিক লগ পোৱাটোও সম্ভৱ ৷ ৰোমান্টিক সম্পৰ্কৰ কথা ক’বলৈ গ’লে, এই সপ্তাহটো আপোনাৰ বাবে ভাগ্যশালী ৷ কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ আপোনাৰ সিদ্ধান্ত বাস্তৱায়িত হ’ব, যদিহে আপোনাৰ উদ্দেশ্য সেইটোৱেই হয় ৷ আনহাতে যিসকলে ইতিমধ্যে ৰোমান্টিক সম্পৰ্কত আছে, তেওঁলোকে সম্পৰ্ক আৰু অধিক সুদৃঢ় হৈ পৰিব ৷ বিবাহে আপোনাৰ জীৱনলৈ মধুৰতা কঢ়িয়াই আনিব ৷

সিংহ ৰাশি: এই সপ্তাহত কেৱল ক্ৰোধ নাইবা আৱেগৰ ওপৰত ভিত্তি কৰি কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ চেষ্টা কৰক ৷ যদি আপুনি এনে কৰে, তেন্তে সময়ৰ লগে লগে আপুনি সময়ৰ সৈতে গঢ় লৈ উঠা সম্পৰ্কৰ লগতে ধনো হেৰুৱাব পাৰে ৷ যদি আপুনি কোনো সমস্যা কেনেকৈ সমাধান কৰিব লাগে সেই বিষয়ে নিশ্চিত নহয়, তেন্তে পথ প্ৰদৰ্শনৰ বাবে কোনো শুভাকাংক্ষীৰ পৰামৰ্শ লওক ৷ অনিশ্চয়তা থাকিলে যিকোনো গুৰুত্বপূৰ্ণ বাছনি স্থগিত কৰিব লাগে ৷ সপ্তাহৰ প্ৰথম ভাগৰ বিপৰীতে দ্বিতীয়াৰ্ধটো সকাহেৰে ভৰি পৰিব ৷ কাৰ্য্যালয়ত আপুনি নিজৰ উৰ্ধতন বিষয়াৰ কৃপা লাভো কৰিব ৷ এই সপ্তাহত বিদেশত কাম কৰাসকলে আকাংক্ষিত সুবিধা লাভ কৰিব পাৰিব ৷ এই সপ্তাহত আপোনাৰ ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত নাটকীয় পৰিৱৰ্তন আহিব পাৰে ৷ যিকোনো ভুল বুজাবুজিৰ বিষয়ে তৰ্তা-তৰ্কি কৰাতকৈ কথা-বতৰা পাতক ৷ সুখী বৈবাহিক জীৱন চলি থাকিব ৷ ঋতুকালীন তথা পুৰণি ৰোগৰ পৰা সাৱধান হওক ৷

কন্যা ৰাশি: এই সপ্তাহৰ পৰা কন্যা ৰাশিৰ জাতক/জাতিকাসকলে তেওঁলোকৰ পেছাদাৰী আৰু ব্যৱসায়িক জীৱনত আশানুৰূপ অগ্ৰগতি লাভ কৰিব ৷ ইয়াৰ ফলত যথেষ্ট আৰ্থিক লাভ হ’ব ৷ ফলস্বৰূপে আপোনাৰ সঞ্চিত ধন-সম্পত্তিও বৃদ্ধি হ’ব ৷ চাকৰিয়াল লোকসকলৰ বাবে আয়ৰ নতুন উৎস গঢ়ি উঠিব; ইফালে অযথা কথাত আপুনি চিন্তিতও হ’ব পাৰে ৷ কৰ্মশক্তিৰ অন্তৰ্ভুক্ত লোকসকলে নিজৰ কনিষ্ঠ আৰু জ্যেষ্ঠ উভয়ৰে সংগ দিব লাগিব ৷ সন্তানৰ সৈতে জড়িত কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপুনি অশান্তি পাব পাৰে ৷ ব্যক্তিগত সম্পৰ্কক লৈ আপোনাৰ জীৱন সংগীৰ সৈতে তৰ্কা-তৰ্কি আৰু কাজিয়াও হ’ব পাৰে ৷ ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত সাৱধানে আগবাঢ়ক আৰু নিজৰ মৰম প্ৰদৰ্শন কৰাৰ পৰা বিৰত থাকক, কিয়নো ইয়াৰ লগত লোক-লজ্জাৰ কথাও জড়িত থাকিব পাৰে ৷ সপ্তাহৰ শেষৰ ফালে আপুনি বহুত আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে ৷ ভ্ৰমণৰ সময়ত স্বাস্থ্য আৰু বস্তুৰ প্ৰতি অতিৰিক্ত সাৱধান হওক ৷ তাৰোপৰি, গাড়ী চলোৱাৰ সময়ত সাৱধান হওক ৷

তুলা ৰাশি: এই সপ্তাহত তুলা ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে সুখ, সৌভাগ্য আৰু প্ৰগতিৰ আগমন হ’ব ৷ স্বাভাৱিক হ’লেও আৰ্থিক স্থিতি উন্নত হ’ব ৷ কৰ্মক্ষেত্ৰত আদৰ্শ স্থানলৈ যোৱাৰ বা আদৰ্শ কেৰিয়াৰ লাভ কৰাৰ উচ্চাকাংক্ষা পূৰণ হ’ব ৷ সম্পত্তি আৰু ভৱন ক্ৰয়-বিক্ৰয়ৰ পৰা লাভ অৰ্জন হ’ব আৰু ইয়াৰ সৈতে জড়িত বিবাদ নিষ্পত্তি হ’ব ৷ আপোনাৰ ইচ্ছা পূৰণৰ বাবে আপুনি কোনো ঘনিষ্ঠ বন্ধু বা কোনো সুনামধন্য ব্যক্তিৰ পৰা অতিৰিক্ত সহায় লাভ কৰিব ৷ অৱশ্যে, পৰিকল্পিত কাৰ্য্যকলাপে ব্যৱসায়ত ধন অৰ্জনৰ সম্ভাৱনা বৃদ্ধি কৰিব ৷ প্ৰেমৰ সম্পৰ্ক আৱেগিক হ’ব ৷ প্ৰেমাস্পদৰ সৈতে সময় কটোৱাৰ অধিক সুযোগ পাব আৰু পাৰস্পৰিক বিশ্বাস বাঢ়িব ৷ ল’ৰা-ছোৱালীৰ ওচৰত ভাগ-বতৰা কৰিবলৈ যদি কোনো ইতিবাচক খবৰ থাকে, তেন্তে পৰিয়ালত এক সুখময় পৰিবেশ সৃষ্টি হ’ব ৷ স্বাস্থ্যৰ দিশৰ পৰা সকলো স্বাভাৱিক হ’ব ৷

বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ লোকসকলে এই সপ্তাহত নিজৰ কাম আৰু তেওঁলোকে লাভ কৰা অগ্ৰগতিৰ সম্পৰ্কে অস্থিৰ অনুভৱ কৰিব, গতিকে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পূৰ্বে আপুনি অপেক্ষা কৰা উচিত ৷ কৰ্মক্ষেত্ৰত প্ৰতিদ্বন্দ্বীসকলৰ ষড়যন্ত্ৰৰ পৰা সাৱধান হওক ৷ এই সপ্তাহত আপুনি চুটি আৰু দীঘলীয়া দুয়ো ধৰণৰ দূৰত্বৰ যাত্ৰা কৰিব পাৰিব ৷ ব্যৱসায়ত আৰ্থিক লাভ হ’ব, কিন্তু অতিৰিক্ত ব্যয়ো চলি থাকিব ৷ কিন্তু সেই ধন মানসম্পন্ন শ্ৰমিকৰ বাবেও ব্যয় হ’ব ৷ নতুন লোকৰ সৈতে পৰিচিত হোৱাটো আপোনাৰ ব্যৱসায় বৃদ্ধি কৰাত সহায়ক হ’ব ৷ ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত এই সপ্তাহটো অলপ কঠিন হ’ব পাৰে ৷ আপোনজনৰ সৈতে কোনো ধৰণৰ ভুল বুজাবুজিয়ে আপোনালোকৰ সম্পৰ্কত উদ্বেগৰ সৃষ্টি কৰিব পাৰে ৷ মানসিক চাপ দ্ৰুতগতিত বৃদ্ধিৰ পৰা হাত সাৰিবলৈ যিকোনো সন্দেহজনক পৰিস্থিতিৰ পৰা আঁতৰি থাকক ৷ বৈবাহিক জীৱনত তিতা-মিঠা খুট-খাট কাজিয়া-পেঁচালৰ সৈতে মধুৰতাও থাকিব ৷

ধনু ৰাশি: দীঘলীয়াই হওক বা চুটিয়েই হওক ভ্ৰমণে আৰ্থিক লাভৰ লগতে শক্তিশালী লোকৰ সৈতে যোগাযোগেৰে সপ্তাহটোৰ আৰম্ভণি কৰিব ৷ এই সপ্তাহত চাকৰিয়াল লোকসকলে পদোন্নতি আৰু উচ্চ ভূমিকা লাভ কৰিব পাৰে ৷ কনিষ্ঠ আৰু জ্যেষ্ঠসকলে কৰ্মক্ষেত্ৰত মিলি-জুলি সহযোগিতাৰে কাম কৰিব ৷ নিজৰ কোম্পানীৰ বৃদ্ধিৰ বাবে আৰ্থিক বিনিয়োগ কৰাৰ সময়ত সাৱধান হওক আৰু শুভাকাংক্ষীসকলৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ৷ সপ্তাহৰ মাজভাগত আপুনি কিছুমান ধৰ্মীয়-সামাজিক কামত অংশগ্ৰহণ কৰাৰ সুযোগ পাব ৷ বন্ধৰ দিনত পৰিয়াল বা কোনো ঘনিষ্ঠ বন্ধুৰ সৈতে কোনো উপাসনা স্থললৈ যোৱাৰ সম্ভাৱনা আছে ৷ এই সপ্তাহত মাটি, সম্পত্তি আৰু ভৱন ক্ৰয়-বিক্ৰয়ৰ ইচ্ছা পূৰণ হ’ব পাৰে ৷ প্ৰেমাস্পদৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় হৈ পৰিব ৷ বৈবাহিক জীৱন সুখময় হ'ব ৷

মকৰ ৰাশি: সপ্তাহৰ আৰম্ভণিতে ধৰ্মীয়-সামাজিক কাৰ্যসূচীত অংশগ্ৰহণ কৰা হ’ব ৷ পৰিয়ালৰ সৈতে স্থানীয় বা বিদেশ ভ্ৰমণ কৰাটোও সম্ভৱ ৷ এই সময়ছোৱাত আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব ৷ আপুনি দেখা পাব যে, আপোনাৰ শাৰীৰিক আৰু মানসিক দুয়োবিধ শক্তি আছে ৷ ধন ঘূৰাই পোৱাৰ পাছত স্বস্তিৰ নিশ্বাস পেলাব ৷ কিন্তু এই সময়ছোৱাত কোনো ধৰণৰ বিপদাশংকা থকা আঁচনিত আৰ্থিক বিনিয়োগ কৰাৰ পৰা বিৰত থাকক ৷ চাকৰিয়াল লোকসকলৰ অধিক সংখ্যক আয়ৰ উৎস থাকিব ৷ সম্পত্তিৰ পৰিমাণ বৃদ্ধি পাব ৷ এগৰাকী ক্ষমতাশালী বা জ্যেষ্ঠ ব্যক্তিয়ে মাটি-বাৰীৰ বিবাদ নিষ্পত্তি কৰাত সহায় কৰিব ৷ ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত পৰস্পৰক বিশ্বাস কৰিবলৈ মনত ৰাখিব আৰু প্ৰেমাস্পদকৰ অনুভূতিক কেতিয়াও অৱজ্ঞা নকৰিব ৷ বৈবাহিক জীৱন চমৎকাৰ হ’ব আৰু যিকোনো প্ৰত্যাহ্বানমূলক পৰিস্থিতিত আপোনাৰ সংগীয়ে আপোনাক ছাঁৰ দৰে সহায় কৰিব ৷

কুম্ভ ৰাশি: এই সপ্তাহত আপুনি কৰ্মক্ষেত্ৰত কনিষ্ঠ আৰু জ্যেষ্ঠসকলৰ পৰা অতিৰিক্ত সহায় লাভ কৰিব ৷ নিবনুৱাসকলৰ সন্ধানৰ অন্ত পৰিব ৷ যদি আপুনি ব্যৱসায় কৰে, তেন্তে আপোনাৰ কোম্পানীৰ সম্প্ৰসাৰণ হ’ব আৰু এই সপ্তাহত আপুনি আশানুৰূপ লাভ অৰ্জন কৰিব ৷ বিশেষকৈ ব্যৱসায়ৰ সৈতে জড়িত ভ্ৰমণ ভাগ্যশালী আৰু লাভজনক হ’ব ৷ এই সপ্তাহত ৰাজনীতিবিদসকলক কিছু গুৰুত্বপূৰ্ণ কাম নাইবা দায়িত্ব প্ৰদান কৰা হ’ব পাৰে ৷ সকলো কথা বিবেচনা কৰিলে এই সপ্তাহত আপোনাৰ কঠিন পৰিশ্ৰম তথা প্ৰয়াসৰ সম্পূৰ্ণ ফল প্ৰাপ্ত হ’ব ৷ পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱাসকলৰ বাবে কিছু ইতিবাচক খবৰ আহিব পাৰে ৷ প্ৰিয়জন ঘৰত থাকিলে পিকনিক আৰু অন্যান্য কাৰ্য্যসূচীৰ পৰিকল্পনা কৰিব পাৰি ৷ প্ৰেমৰ সম্পৰ্ক আৱেগিক হ’ব ৷ বৈবাহিক জীৱনত মধুৰতা থাকিব ৷ চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাসমূহ হ্ৰাস পাব ৷

মীন ৰাশি: মীন ৰাশিৰ জাতক/জাতিকাসকলে এই সপ্তাহত নিজৰ কাম সম্পূৰ্ণ কৰিবলৈ অলপ ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে ৷ পৰিয়াল আৰু ঘৰৰ সৈতে জড়িত কথাত আপুনি চিন্তিত হৈ থাকিব ৷ মাটি, গাঁথনি বা পৰিয়ালৰ সম্পত্তিক লৈ যদি মতানৈক্য হয়, তেন্তে আদালতলৈ যাবলগীয়া হ’ব পাৰে ৷ কিন্তু বাহিৰতে পাৰস্পৰিক গ্ৰহণযোগ্যভাৱে বিবাদৰ মীমাংসা কৰিব পাৰিলে ভাল হ’ব ৷ কৰ্মক্ষেত্ৰত আপুনি তীব্ৰ বিৰোধিতাৰ সন্মুখীন হ’ব ৷ এনে পৰিস্থিতিত সৰু সৰু কথাত গুৰুত্ব নিদি নিজৰ উদ্দেশ্যত মনোনিৱেশ কৰক ৷ সকলো সহকৰ্মীৰ সৈতে সমন্বয় বজাই ৰখাটো ভাল হ’ব ৷ যদি আপুনি ব্যৱসায় কৰে, তেন্তে ভালদৰে ভাবি-চিন্তিহে আঁচনিসমূহত ধন বিনিয়োগ কৰক ৷ সপ্তাহৰ শেষৰ ফালে পৰিয়াল বা ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত কোনো ভুল বুজাবুজি দূৰ কৰিবলৈ বিবাদৰ পৰিৱৰ্তে কথা-বতৰা পাতক ৷ কোনো কাৰণতে আপুনি নিজৰ আত্মীয়-স্বজনৰ অনুভৱক আওকাণ কৰাটো উচিত নহয়; অন্যথা পাছলৈ তাৰ মূল্য পৰিশোধ কৰিবলগীয়া হ’ব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.