বঙাইগাঁৱত দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

By

Published : Jul 20, 2021, 10:58 PM IST

thumbnail

ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্যৰে ৰাজ্যুজুৰি অধিক তৎপৰ হৈ পৰিছে অসম আৰক্ষী ৷ মঙলবাৰে বঙাইগাঁৱৰ ৰাখালডুবিৰ দনকিণামাৰী বজাৰত বঙাইগাঁও সদৰ আৰক্ষীয়ে চলালে ড্ৰাগছৰ বিৰোধী অভিযান ৷ অভিযানত 23 টা সন্দেহযুক্ত ড্ৰাগছ(হেৰ'ইন) ভৰ্তি কণ্টেইনাৰসহ দুটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ ধৃত ড্ৰাগছৰ সৰবৰাহকাৰী দুটাৰ নাম ক্ৰমে ৰহিশ মিঞা (40) আৰু চহিদুল ইছলাম(37) বুলি জনাইছে আৰক্ষীয়ে ৷ লগতে আৰক্ষীয়ে জব্দ কৰে এএছ ১৯ E 3357 নম্বৰ এখন বাইক ৷ উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰাই অঞ্চলটোত ড্ৰাগছৰ সৰবৰাহ চলি আছে বুলি ৰাইজে অভিযোগ দাখিল কৰি অহাৰ পাছত যদিও মঙলবাৰে আৰক্ষীয়ে অঞ্চলটোত অভিযান চলাই যুৱক দুজনক আটক কৰিবলৈ সক্ষম হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.