নলবাৰীত অঘটন: পৰিয়ালৰ লোকেই দাৰে ঘপিয়ালে দুজনক

By

Published : Oct 6, 2022, 9:37 PM IST

thumbnail

নলবাৰীৰ দোকোহাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা (Tragic incident in Nalbari) । নিজ দেৱৰ আৰু আৰু ভাই শহুৰে উপৰ্যুপৰি দাৰে আক্ৰমণ চলালে নিজ বৌৱেক আৰু ককায়েকক ৷ ফলত গুৰুতৰভাৱে আহত হয় জেউতি নমশুদ্ৰ আৰু খৰ্গেশ্বৰ দাস ৷ ঘটনা সংঘটিত হোৱাৰ পিছতেই ততাতৈয়াকৈ আহত দুয়োজনকে সংকটজনক অৱস্থাত নলবাৰী আসামৰিক চিকিৎসালয়ত (Nalbari Civil Hospital) ভৰ্তি কৰোৱা হয় যদিও অৱস্থা অধিক শোচনীয় হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় । ইফালে দাৰে ঘপিয়াই মোহন দাস আৰু পুমা দাসে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ ঘৰুৱা মাটি বাৰীক কেন্দ্ৰ কৰি হোৱা কন্দলৰ ফলত এনে ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.