দুৰ্বল মথাউৰিয়ে আশংকা মাতিছে শিৱসাগৰবাসীলৈ

By

Published : Jul 10, 2021, 6:23 AM IST

thumbnail

শিৱসাগৰৰ দিখৌমুখত দুৰ্বল মথাউৰিয়ে শংকিত কৰিছে 23 খনকৈ গাঁৱৰ ৰাইজক ৷ 2013 বৰ্ষতে 1 কোটি 76 লাখ টকাৰে নিৰ্মাণ কৰা কোটি টকীয়া জিঅ' বেগ নিশ্চিহ্ন হোৱাত দুৰ্বল মথাউৰিটো ভাগি পৰাৰ আশংকা কৰিছে স্থানীয় লোকে ৷ দিখৌমুখৰ দেওঘৰীয়া মথাউৰিটোৰ বিভিন্ন অংশত ফাঁটমেলাৰ লগতে বহু অংশত বহি যোৱাৰ পিছতো চকু পৰা নাই জলসম্পদ বিভাগৰ ৷ দিখৌ নদীৰ বাঢ়নী পানীয়ে যিকোনো মুহুৰ্ততে ভাঙি নিব পাৰে দেওঘৰীয়া মথাউৰি । সেইবাবে এতিয়া স্থানীয় লোকে মথাউৰিটো শীঘ্ৰে মেৰামতিৰ দাবী জনাইছে । আমগুৰি সমষ্টিৰ অন্তৰ্গত মথাউৰিটো মেৰামতিৰ ক্ষেত্ৰত জলসম্পদ বিভাগে যোৱা বছৰকেইটাত মেৰামতিৰ কোনো ব্যৱস্থা নকৰিলে । যিসময়ত ৰাজ্য চৰকাৰ আৰু বিভাগীয় মন্ত্ৰীয়ে বিভিন্ন সময়ত দুৰ্বল মথাউৰি পৰিদৰ্শন কৰি মেৰামতিৰ নিৰ্দেশ দিছিল, তেনে সময়তেই আমগুৰি সমষ্টিৰ দেওঘৰীয়া মথাউৰিটো যিকোনো মুহুৰ্ততে খহি পৰাৰ আশংকাত ভূগিছে স্থানীয় লোকে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.