টীয়কৰ ৰাধা-কৃষ্ণ মন্দিৰত মহাষ্টমীৰ বিশেষ আয়োজন

By

Published : Oct 3, 2022, 2:03 PM IST

thumbnail

আজি মহাষ্টমী (Maha Ashtami 2022)। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰু পূজা-অৰ্চনাৰে ৰাজ্যজুৰি চলিছে দেৱী দুৰ্গাৰ আৰাধনা (Durga Puja in Assam) ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে টীয়কতো দেখা গ’ল উখল-মাখল পৰিৱেশ ৷ টীয়কৰ ৰাধা-কৃষ্ণ মন্দিৰত মাৰোৱাৰী ঠাকুৰবাৰীৰ উদ্যোগত আয়োজিত দুৰ্গা পূজাত মহাষ্টমী দিনা পুৱাৰে পৰাই অগণন ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে । মন্দিৰটোত 1986 চনৰ পৰা ৰ্নিবিছিন্নভাবে প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে এই পূজা । নিয়ম অনুসৰি আজি বৰ বলি প্ৰথাৰ আয়োজন কৰা হয় ৷ কিন্তু এই পূজাত বৰবলিৰ সকলো বৈদিক নীতি-নিয়ম অৱলম্বন কৰা হৈছে যদিও কোনো ধৰণৰ জীৱ-জন্তুক বলি দিয়া নহয় বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে । ইপিনে টীয়ক নগৰৰ মাজমজিয়াত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অনুষ্ঠিত হোৱা এই পূজা মণ্ডপক কেন্দ্ৰ কৰি মণ্ডপৰ চৌপাশে গঢ় লৈ উঠিছে বিভিন্ন পূজা সামগ্ৰীৰ সৰু-বৰ দোকান (Durga Puja at Teok) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.