Teok accident: টীয়কত ভয়ংকৰ পথ দুৰ্ঘটনা

By

Published : Mar 13, 2022, 10:50 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

thumbnail

টীয়কৰ বাদুলিপুখুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Teok)। যোৰহাট অভিমুখে গৈ থকা AS-03-AC-1973 নম্বৰৰ মেজিকখনৰ সৈতে বিপৰীত দিশৰ পৰা অহা ট্ৰাকৰ মুখামুখি সংঘৰ্ষ । দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত মেজিক আৰোহী মিথুন কৰ্মকাৰ, ৰবীনা কৰ্মকাৰ, সোণমণি ঘাটোৱাৰ, বিপুল ঘাটোৱাৰ, সীমা ঘাটোৱাৰ, তৰুণ ঘাটোৱাৰক ততাতৈয়াকৈ টীয়ক আৰক্ষীৰ সহযোগত চিকিৎসালয়লৈ লৈ যোৱা হয় । টীয়কৰ ৰাজৈ হাতখোলা অঞ্চলৰ পৰা ঘৰুৱা মাংগলিক কামত বলমালৈ যোৱা লোকসকল ঘূৰি অহাৰ অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাটো । মেজিকখনত থকা কেইবাটাও শিশু গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় । মেজিকখনত ১২ জনকৈ যাত্ৰী আছিল বুলি জানিব পৰা গৈছে । প্ৰাপ্ত খবৰ অনুসৰি, দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ RJ-13-GB-3832

Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.