লাওখোৱাৰ বান পৰিস্থিতিৰ বুজ ল'লে উপায়ুক্ত কবিতা পদ্মনাভনে

By

Published : Aug 31, 2021, 7:18 PM IST

thumbnail

ৰাজ্যৰ কেইবাখনো জিলা এতিয়া বানৰ কৱলত । নগাঁও জিলাৰো বিভিন্ন অঞ্চলত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । যাৰ বাবে সষ্টম হৈ পৰিছে নগাঁও জিলা প্ৰশাসন । বান পৰিস্থিতিৰ বুজ ল'বলৈ দেওবাৰে পুৱাই লাওখোৱা বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হয় জিলা উপায়ুক্ত কবিতা পদ্মনাভন । বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয় উপায়ুক্তগৰাকীয়ে । বানাক্ৰান্তৰ খবৰ লোৱাৰ লগতে বিভিন্ন সা-সুবিধা প্ৰদানৰ আশ্বাস দিয়ে উপায়ুক্তগৰাকীয়ে । জিলাখনৰ শিলঘাট-ধিং আৰু আন অস্থায়ী আশ্ৰয় শিবিৰসমূহতো জিলা প্ৰশাসনে খাদ্য সামগ্ৰীকে ধৰি সকলো সা-সুবিধা প্ৰদান কৰিব বুলি উল্লেখ কৰে উপায়ুক্তগৰাকীয়ে ৷ ইফালে বহু পৰিয়াল এতিয়াও পানীৰ মাজত আবদ্ধ হৈ আছে । সেয়ে সেই পৰিয়ালবোৰক অতি শীঘ্ৰে প্ৰশাসনে উদ্ধাৰৰ ব্যৱস্থা কৰিব বুলিও আশ্বাস দিয়ে উপায়ুক্তগৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.