কলঙৰ চাপৰিত কোনে সাজিছে তৰ্জা বেৰৰ ঘৰ ?

By

Published : Oct 4, 2021, 10:30 PM IST

thumbnail

ৰাজ্যত এতিয়া যেন সৰ্বাধিক আলোচিত বিষয়টোৱেই হৈছে বেদখল ৷ বেদখলে নিতৌ দখল কৰিছে সংবাদ শিৰোনাম ৷ এইবাৰ নগাঁও চহৰৰ গাতে লাগি থকা শিয়ালমাৰীৰ কলঙৰ চাপৰিৰ পৰা আহিছে বেদখলৰ খবৰ ৷ যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বেদখলৰ বিৰুদ্ধে অভিযান চলাইছে সেই সময়তে বেদখলকাৰীয়ে শিয়ালমাৰীত ঘৰ সজাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । স্থানীয় লোকে অভিযোগ কৰা মতে এমাহৰ ভিতৰতে শিয়ালমাৰী কলঙৰ চাপৰিত চৰকাৰী ভূমি বেদখল কৰি একাংশ লোকে সাজিছে তৰ্জা বেৰৰ ঘৰ । উল্লেখ যোগ্য যে, কিছুদিন পূৰ্বে নগাঁও চহৰৰ ফাচী ৰোডত নগাঁও জিলা প্ৰশাসনে একাংশ অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিছিল । স্থানীয় সূত্ৰই জনোৱা মতে এই উচ্ছেদিত লোক সকলৰ একাংশই কলঙৰ চাপৰিত এতিয়া অবৈধ ভাবে ঘৰ দুৱাৰ সাজিছে ৷ একাংশ লোকে অভিযোগ কৰা মতে চাইফুল আৰু হাচেন নামৰ দুজন দালালে এই দখলদাৰী সকলৰ পৰা ৫০ হাজাৰকৈ ধন লৈ চৰকাৰী ভূমি বিক্ৰী কৰি আছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.