বৰপেটা আৰক্ষীৰ অভিযানত ব্ৰাউন চুগাৰসহ গ্ৰেপ্তাৰ মাফিয়া

By

Published : Oct 26, 2021, 8:28 PM IST

thumbnail

ৰাজ্য চৰকাৰৰ নিৰ্দেশত অসম আৰক্ষীৰ বৃহৎ অভিযানৰ পিচতো বন্ধ হোৱা নাই নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় ৷ বৰপেটাত অব্যাহত থকা ড্ৰাগছ ব্যৱসায়ৰ মাজতেই বৰপেটা আৰক্ষীৰ জালত পৰিল এটা ড্ৰাগছ ব্যৱসায়ী ৷ বৰপেটাৰ জনিয়াৰ শালেকুৰা গাঁৱৰ আছান আলী নামৰ লোকজনক ব্ৰাউন চুগাৰসহ নিজ গৃহৰ পৰাই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড৹ প্ৰদীপ শইকীয়াৰ নেতৃত্বত অভিযান চলাই বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ ব্যৱসায়ীটোক ৷ ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা চাবোনৰ কেচত লুকুৱাই ৰখা অৱস্থাত প্ৰায় ২৮.৯৪ ব্ৰাউন চুগাৰ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.