জনতাৰ কন্ঠ: বঙাইগাঁও জিলাৰ দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টিৰ উন্নয়নৰ খতিয়ান

By

Published : Mar 18, 2021, 2:11 PM IST

thumbnail

ইটিভি ভাৰতৰ নিৰ্বাচন বিশেষ অনুষ্ঠান "জনতাৰ কণ্ঠ"৷ এই অনুষ্ঠানৰ জৰিয়তে আমি দেখুৱাই আহিছোঁ অসমৰ প্ৰতিটো সমষ্টিৰ উন্নয়নৰ বাস্তৱ ছবিখন৷ বিগত 5 বছৰত সোণোৱাল চৰকাৰৰ কাৰ্যকালত ৰাইজ কিমান সন্তুষ্ট আৰু কিমান অসন্তুষ্ট, ৰাইজৰ আশা-আকাংক্ষা এই সকলোবোৰ পুংখানুপুংখভাৱে বিশ্লেষণ কৰাৰ চেষ্টা চলোৱা হৈছে এই অনুষ্ঠানৰ দ্বাৰা ৷ দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা 205747 ৷ এ আই ইউ ডি এফৰ বিধায়ক অনন্ত কুমাৰ মালোৱে 2016 চনৰ নিৰ্বাচনত লাভ কৰে 51525 টা ভোট ৷ পৰিৱৰ্তনৰ শ্ল’গানেৰে শাসনৰ গাদীত বহা বিজেপি চৰকাৰ খনৰ প্ৰতি অসন্তুষ্ট দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টিৰ ভোটাৰ । সমষ্টিটোৰ বিধায়ক এ আই ইউ ডি এফ ৰ বিধায়ক অনন্ত কুমাৰ মালোৰ প্ৰতিও অসন্তুষ্ট ভোটাৰ । সমষ্টিটোৰ সমস্যাক লৈ কোনো দিনেই বিধান সভাত মাত নমতাৰ অভিযোগ বিধায়ক জনৰ প্ৰতি । শিক্ষা, নিৱনুৱা সমস্যাৰ সমাধান, বান সমস্যা, চিকিৎসা সেৱা, যোগীঘোপা অশোক কাগজ কলকে আদি কৰি বাট-পথৰ উন্নয়ন, চৰাঞ্চলৰ উন্নয়ন আদিৰ ক্ষেত্ৰত সমূলি বিফল বিধায়ক অনন্ত কুমাৰ মালো । এই অভিযোগ তৰিছে দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টিৰ ভোটাৰ সকলে । বানত ককবকাই থকা ভোটাৰৰ ওচৰত কোনো দিনেই বিধায়কজনে দেখা দিয়া নাছিল বুলি অভিযোগ উত্থাপন কৰিছে ভোটাৰসকলে । সমষ্টিটোত স্বাধীনতাৰ পাচত এইজনেই আটাইতকৈ অকৰ্মণ্য বিধায়ক বুলি দাবী কৰে ভোটাৰ সকলে । অভয়াপুৰী চহৰৰ এশ এবুৰি সমস্যাৰ সমাধানত বিফল বিধায়ক অনন্ত কুমাৰ মালো সম্পূৰ্ণ বিফল বুলি দাবী কৰিছে সমষ্টিবাসীয়ে । সবিশেষ চাওক আমাৰ এই প্ৰতিবেদনত...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.