মাৰ্ঘেৰিটাত বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ জয় নিশ্চিত

By

Published : May 2, 2021, 7:23 PM IST

thumbnail

মাৰ্ঘেৰিটাত বিজেপিৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ জয় নিশ্চিত ৷ 59,722 ভোটৰ ব্যৱধানত জয়ী হৈ আছে ভাস্কৰ শৰ্মা ৷ সমষ্টিটোত ক্ৰমে বিজেপিৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মাই ৮৫,১৭১ ভোট, কংগ্ৰেছৰ প্ৰাৰ্থী মনোৰঞ্জন বৰগোঁহাই ২৭,২৭২ ভোট, এজেপি প্ৰাৰ্থী সঞ্জয় কুমাৰ দেৱে ২২,৩১৫ ভোট লাভ কৰে ৷ আনহাতে নিৰ্দলীয় প্ৰাৰ্থী ইগনিয়াছ এক্কাই ৯,৯৫৪ ভোট, নিৰ্দলীয় প্ৰাৰ্থী ভোগেশ্বৰ শ্যাম ১,২১০ ভোট, নিৰ্দলীয় প্ৰাৰ্থী ৰন্তু সোণোৱালে ১,৩৯৯ ভোট লাভ কৰাৰ বিপৰীতে ন'টাত ২,৪৬৫ টা ভোট লাভ কৰে ৷ 18 আৰু 19 ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাই নিকতটম প্ৰতিদ্বন্দ্বিতকৈ ৫৯,৭২২ টা ভোটৰ ব্যৱধানত বিপুল জয়লাভ কৰাটো নিশ্চিত কৰে ৷ নিৰ্বাচনী আয়োগৰ আনুষ্ঠানিক ঘোষণাৰ বাবে ৰৈ আছে দলটো ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.