Woman commits suicide in Hojai: হোজাইৰ মোৰাঝাৰত চিপ লোৱা অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 3:51 PM IST

thumbnail

হোজাই,৩১ অক্টোবৰ: হোজাইৰ মোৰাঝাৰত চাঞ্চল্যকৰ ঘটনা । চিপ লোৱা অৱস্থাত মহিলাৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰ । জানিব পৰা মতে হোজাই জিলাৰ মোৰাঝাৰৰ পদুমনিৰ ছিদ্দিক আলিৰ গৃহত মঙলবাৰে পুৱা ৰহস্যজনকভাৱে ঘৰৰ চিলিং ফেনত চিপ লৈ থকা অৱস্থাত এগৰাকী মহিলাক ঘৰৰ ভিতৰত স্বামীগৃহৰ লোকে প্ৰত্যক্ষ কৰে ।  

এটা সন্তানৰ মাতৃৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে মোৰাঝাৰত । মহিলাগৰাকীৰ পিতৃ পৰিয়ালে এয়া হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া বুলি অভিযোগ উত্থাপন কৰে । সম্প্ৰতি মোৰাঝাৰ আৰক্ষীয়ে মৃহদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ৷ উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা স্বামী-স্ত্ৰীৰ মাজত পাৰিবাৰিক কন্দল চলি আছিল ৷ এই লৈ কেইবা বছৰ ধৰি আদালতত গোচৰ চলি থকাৰ মাজতে এই ঘটনা সংঘটিত হোৱাক লৈ ৰহস্য ঘণীভূত হৈছে ৷  

লগতে পঢ়ক: Murder in Dibrugarh: টেঙাখাতত ভায়েকে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে ককায়েকক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.