Congress VS BJP: হিমন্ত বিশ্ব শৰ্মা-জিতেন্দ্ৰ সিঙৰ বাকযুদ্ধক লৈ তৃণমূল কৰ্মীৰ প্ৰতিক্ৰিয়া

By

Published : Aug 9, 2023, 6:59 PM IST

thumbnail

নগাঁও, 9 আগষ্ট: লোকসভাত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মণিপুৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰিস্থিতৰ বাবে বিজেপিক আক্ৰমণ কৰাৰ লগতে প্ৰধানন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এবাৰো মণিপুৰত উপস্থিতি নোহোৱাক লৈ অনাস্থা প্ৰস্তাৱত মঙলবাৰে বক্তৃতা প্ৰদান কৰে ৷ ইয়াৰ পাচতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ইতিহাস ৰক্ত ৰঞ্জিত বুলি সংবাদমেল সম্বোধন কৰি কটাক্ষ কৰে ৷  

মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যৰ পাচতেই তেওঁক উভতি ধৰে অসম কংগ্ৰেছৰ প্ৰভাৰী জিতেন্দ্ৰ সিঙে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিঙৰ মাজত আৰম্ভ হোৱা বাকযুদ্ধক লৈ দুয়োটা ৰাজনৈতিক দলৰ তৃণমূল কৰ্মীৰ মাজতো সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । উল্লেখ্য যে জিতেন্দ্ৰ সিঙে হিমন্ত বিশ্ব শৰ্মাক দেশৰ ভিতৰতে সৰ্বাধিক দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি অভিযোগ উত্থাপন কৰে ৷  

দুই নেতাৰ এনে বাকযুদ্ধৰ পিচত সাধাৰণ ৰাইজৰ লগতে দুয়ো দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মী আৰু সমৰ্থকে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ নগাঁৱৰ এগৰাকী বিজেপি কৰ্মীয়ে জিতেন্দ্ৰ সিঙক প্ৰত্যাহ্বান জনাই কয়, ‘‘কংগ্ৰেছৰ কোনগৰাকী নেতাই দুৰ্নীতি নকৰালৈ আছে দেখুৱাই দিব পাৰিব নে জিতেন্দ্ৰ সিঙে ?’’

ইফালে নগাঁৱৰ এগৰাকী কংগ্ৰেছ সমৰ্থকে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আবোল-তাবোল ক’বলৈ আৰম্ভ কৰিছে; তেওঁ গম পাইছে যে এইবাৰ 2024 চনত বিজেপি চৰকাৰখনৰ পতন হ’ব ৷ সেয়েহে তেওঁ এনে মন্তব্য কৰিছে ৷ 

লগতে পঢ়ক: Himanta Biswa: কংগ্ৰেছৰ ভুল নীতিৰ পৰিণাম ভোগ কৰিছে উত্তৰ-পূৰ্বাঞ্চলে; হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.