Tree Plantation at Sarupathar: প্ৰত্যেক মাহৰ প্ৰথমটো দেওবাৰে সৰুপথাৰ নগৰত বৃক্ষ ৰোপণ কাৰ্যসূচী ‘গছ’ গ্ৰুপৰ

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 4:53 PM IST

thumbnail

সৰুপথাৰ, 03 ছেপ্তেম্বৰ: ২০২০ চনৰ জুন মাহত সৰুপথাৰৰ কেইজনমান যুৱকৰ প্ৰচেষ্টা l গঢ় লৈ উঠিছিল 'গছ' নামৰ এটা গ্ৰুপ | প্ৰকৃতি আৰু পৰিৱেশৰ প্ৰতি সজাগ হৈ সামাজিক মাধ্যমযোগে প্ৰকাশ পোৱা 'গছ'ৰ উদ্যোগত গ্ৰুপটোৰ সদস্যসকলে বৰ্তমান সৰুপথাৰ নগৰকে ধৰি ধনশিৰি মহকুমাৰ বিভিন্ন প্ৰান্তত বৃক্ষ ৰোপণ কৰি আহিছে ৷  

বছৰটোৰ ফ্ৰেব্ৰুৱাৰী মাহৰ পৰা ছেপ্তেম্বৰ মাহলৈ তেওঁলোকে প্ৰত্যেক মাহৰ প্ৰথমটো দেওবাৰে নিম, নাহৰ, কৃষ্ণচূড়া, বকুল, বিভিন্ন ফল-মূলৰ গছ ৰোপণ কৰি আহিছে ৷ উল্লেখ্য যে গছ ৰোপণ কৰাৰ সমান্তৰালকৈ তেওঁলোকে ডাঙৰ হোৱালৈ প্ৰতিপালন কৰি আহিছে ৷ বৰ্তমান দেখিবলৈ পোৱা গৈছে চৰকাৰে অমৃত বৃক্ষ আন্দোলনৰ যোগেদি বৃক্ষ ৰোপণৰ জৰিয়তে সেউজ প্ৰকৃতিৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ সমান্তৰালকৈ 'গছ'ৰ উদ্যোগত বৃক্ষ ৰোপণৰ যি প্ৰচেষ্টা সেয়া অনাগত দিনলৈ অব্যাহত থাকিব বুলি জনায় সদস্যসকলে ৷

লগতে পঢ়ক : State Award for Teachers: ৰাজ্যৰ ৩৬ গৰাকী শিক্ষাগুৰুলৈ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.