Road accident: শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজনে

By

Published : Jun 24, 2023, 8:00 PM IST

thumbnail

জোনাই,২৪ জুন: জোনাইৰ এঘাৰ কিলোমিটাৰস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে বিয়লি প্ৰায় ৫:০০ বজাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । জানিব পৰামতে  AS22H-1712 নম্বৰৰ মটৰচাইকেল আৰু বিপৰীত দিশৰ পৰা অহা AS03BC-3164 নম্বৰৰ এখন মেজিকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো ।  

দুৰ্ঘটনাত বাইক আৰোহী দুজনৰ ভিতৰত এজন থিতাতে নিহত হোৱাৰ বিপৰীতে আনজনক সংকটজনক অৱস্থাত ৰাইজে উদ্ধাৰ কৰি জোনাই অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও পিচলৈ উন্নত চিকিৎসাৰ বাবে গুৰুতৰভাৱে আহত ব্যক্তিজনক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় । নিহত বাইক আৰোহীজন জোনাইৰ মাইদাং শ্ৰী গাঁৱৰ লংক বসুমতাৰী বুলি জানিব পৰা গৈছে ।  

আনহাতে গুৰুতৰভাৱে আহত ব্যক্তিজন ২নং লাডাংগুৰি গাঁৱৰ সুৰজ মগৰ বুলি জানিব পৰা গৈছে । ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে মেজিক বাহনখনৰ চালকজনে পলায়ন কৰে বুলি জানিব পৰা গৈছে ৷ ঘটনাস্থলীত জোনাই আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । 

লগতে পঢ়ক: Constituency Delimitation 2023: হিন্দু বাঙালী সকলক ৰাজনৈতিক ভাবে হত্যাৰ ষড়যন্ত্ৰ চলিছে: ৰাজকুমাৰ বিশ্বাস

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.