অস্থায়ী কৰ্মীৰ প্ৰতিবাদত উত্তাল শিলচৰ NIT চৌহদ

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 6:25 PM IST

thumbnail

শিলচৰ,১৬ জানুৱাৰী: ৭ দফীয়া দাবীৰে শিলচৰ NIT ত অস্থায়ী কৰ্মীসকলৰ বিক্ষোভ কাৰ্যসূচী ৷ NIT ৰ প্ৰশাসনিক ভৱন ঘেৰাও কৰি শ শ অস্থায়ী কৰ্মীৰ বিক্ষোভ প্ৰদৰ্শন ৷ দীৰ্ঘ সময় ধৰি কাম কৰি অহা অস্থায়ী কৰ্মীসকলৰ চাকৰি স্থায়ীকৰণ, স্থানীয় যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰাকে আদি কৰি ৭ দফীয়া দাবী পূৰণৰ দাবীত পুৱাৰে পৰা বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে NIT ৰ অস্থায়ী কৰ্মীসকলে ৷  

NITৰ প্ৰশাসনিক ভৱন ঘেৰাও কৰি শ শ কৰ্মীয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে এনআইটিৰ  চৌহদ ৷ এন আইটি কৰ্তৃপক্ষৰ বিৰুদ্ধে একাধিক আভিযোগ উত্থাপন কৰি প্ৰতিবাদস্থলীত সৰৱ হৈ পৰে প্ৰতিবাদকাৰীসকল ৷ নিযুক্তিসহ বিভিন্ন ক্ষেত্ৰত এনআইটি কৰ্তৃপক্ষৰ বিৰুদ্ধে স্বজন-তোষণৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ দাবী পূৰণ নকৰালৈকে আন্দোলন অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে প্ৰতিবাদকাৰী অস্থায়ী কৰ্মীসকলে । 

লগতে পঢ়ক: কংগ্ৰেছৰ কথা ক'বলৈ গ'লে নিজৰেই ভাল নালাগে : যোগেন মহন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.