HSLC exam results 2023 : অদিতি আৰু সঞ্জনাই আনিলে ছেইণ্ট মেৰিজলৈ সুনাম

By

Published : May 22, 2023, 3:36 PM IST

thumbnail

গুৱাহাটী,২২ মে' : আজি ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (HSLC exam results 2023)। ফলাফল ঘোষণাৰ লগে লগে গুৱাহাটীৰ মাজমজিয়াত থকা ছেইন্ট মেৰিজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আনন্দ উল্লাহ । কাৰণ এইবাৰ বিদ্যালয়খনৰ পৰা দুগৰাকী ছাত্ৰীয়ে শীৰ্ষ ১০ত স্থান লাভ কৰিছে (ST Marys students secured position in HSLC)।

অদিতি ভূঞাই সৰ্বমুঠ ৫৯১ নম্বৰ লাভ কৰি চতুৰ্থ স্থান (Adity Bhuyan got 4th position in HSLC) আৰু সঞ্জনা কৌৰে মুঠ ৫৮৯ নম্বৰ লাভ কৰি ষষ্ঠ স্থান দখল কৰি বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে (Sanjana Kaur got 6th position in HSLC)। ছাত্ৰী দুগৰাকীৰ ফলাফলক লৈ বিদ্যালয়খনত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ।

অদিতি ভূঞাই ভৱিষ্যতে এগৰাকী চিকিৎসক হ'ব বিচাৰে । আনহাতে সঞ্জনা কৌৰে কোৱা মতে তেওঁ স্থান লাভ কৰিব বুলি ভবা নাছিল । কিন্তু ফলাফল পোৱাৰ পাছতে যথেষ্ট আনন্দিত হৈছে । ভৱিষ্যতে চিকিৎসক নহ'লে বায়'টেকন’লজিষ্ট হোৱাৰ মন আছে সঞ্জনাৰ । দুয়োগৰাকী ছাত্ৰীয়ে পৰিয়াল আৰু বিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক :HSLC exam results 2023 : নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ দুই ছাত্ৰীৰ সাফল্য

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.