Cattle smuggling in Dhubri: বিলাসীপাৰাত ৰাইজে জব্দ কৰিলে চোৰাং গৰু

By

Published : Feb 16, 2023, 11:34 AM IST

thumbnail

বিলাসীপাৰা, ১৬ ফেব্ৰুৱাৰী: ৰাজ্য়ত ব্য়াপকভাৱে চলি থকা গৰুৰ চোৰাং বেহা ৰোধৰ লগতে পশুধনক সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে চৰকাৰে ২০২১ চনত গো-সুৰক্ষা আইন বলবৎ কৰিছিল (Cattle Protection Act) ৷ কিন্তু এই আইনৰ জৰিয়তে চৰকাৰে গৰুৰ সৰবৰাহত নিষেধাজ্ঞা জাৰি কৰিছে যদিও এতিয়াও ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বহিঃ ৰাজ্য় তথা বাংলাদেশলৈ অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ । ৰাজ্যৰ বিভিন্ন ঠাইত আৰক্ষীয়ে ইতিমধ্যে অভিযান চলাই চোৰাংকৈ সৰবৰাহ কৰা গৰু উদ্ধাৰৰ লগতে সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিছে । এনে পদক্ষেপৰ পিছতো ন ন কৌশলৰে সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে গৰুৰ চোৰাং বেহা (Cattle smuggling in Assam)। ইয়াৰ মাজতেই ধুবুৰী জিলাৰ বিলাসীপাৰাত বুধবাৰে নিশা জব্দ হয় চোৰাংভাৱে সৰবৰাহ কৰা বহুকেইটা গৰু ।

বুধবাৰে নিশা বিলাসীপাৰা চহৰৰ ৮ নম্বৰ ৱাৰ্ডত আৰক্ষীৰ অভিযানৰ মাজতে বাংলাদেশলৈ চোৰাংভাৱে সৰবৰাহৰ কৰাৰ সময়তে ৰাইজে জব্দ কৰিলে ৫ টাকৈ উন্নত প্ৰজাতিৰ গৰু (Smuggled cattle seized in Bilashipara)। ৰাইজে এই গৰুকেইটা আবদ্ধ কৰি বিলাসীপাৰা থানাৰ আৰক্ষীক খবৰ দিয়ে । ইপিনে, ৰাইজক দেখাৰ লগে লগে সৰবৰাহকাৰীয়ে সেইস্থানৰ পৰা পলায়ন কৰে ।  

ৰাইজে নিজে গৰুকেইটা আবদ্ধ কৰি খবৰ দিয়াৰ পিছতো এঘন্টা পলমকৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হয় । স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰি কয় যে গৰুৰ চোৰাং সৰবৰাহকাৰীৰ সৈতে আৰক্ষীৰো গোপন বুজা বুজি আছে । সেইবাবে দৈনিক নিশাৰ ভাগত বাংলাদেশলৈ এনেদৰে গৰুৰ চোৰাং সৰবৰাহ হৈ আছে । স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰক্ষীৰ শীৰ্ষ মহলক আহ্বান জনাইছে । 

উল্লেখ্য় যে গৰুৰ অবৈধ সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্ৰত পূৰ্বতকৈ অধিক সষ্টম হৈছে আৰক্ষী । তৎসত্বেও নৈশ বাছ, কণ্টেইনাৰ বাহন, বিলাসী বাহন আদিৰ ভিতৰত ভৰাই গৰুৰ সৰবৰাহ কৰি আহিছে সৰবৰাহকাৰীয়ে (Cattle smuggling in Bilashipara) ।

লগতে পঢ়ক:Railway eviction drive: ডিগবৈৰ বাগাপানীত ৰেল বিভাগৰ উচ্ছেদ অভিযানক লৈ উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.