জুইত জীৱন্তে ছাই হ’ল ছগৰাকী লোক

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 10:44 PM IST

thumbnail

নিউজ ডেস্ক, 8 নৱেম্বৰ: শুকুৰবাৰে মহাৰাষ্ট্ৰৰ পুনে জিলাৰ পিম্পৰী চিঞ্চৱাদ অঞ্চলৰ এটা মমবাতি নিৰ্মাণ কাৰখানাত অগ্নিকাণ্ড সংঘটিত হয় ৷ এই অগ্নিকাণ্ডৰ ফলত কমেও ৬ জন লোক নিহত হোৱাৰ লগতে আন ৮ জন আহত হয় । পিম্পৰী-চিঞ্চৱাড পৌৰ আয়ুক্ত শেখৰ সিঙে জনোৱা মতে, তালাৱাদেত অৱস্থিত কাৰখানাটোত অগ্নিকাণ্ড সংঘটিত হোৱা সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীয়ে ফোন লাভ কৰে । খবৰ পোৱাৰ লগে লগেই সেই স্থানলৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ৰাওনা হয় যদিও লোক কেইজনক বচাব নোৱাৰিলে ৷

কাৰখানাটোত ৰং-বিৰঙী মমবাতি নিৰ্মাণ কৰা হৈছিল, যিবোৰ সাধাৰণতে জন্মদিন উদযাপনৰ বাবে ব্যৱহাৰ কৰা হয় বুলিও তেওঁ কয় । সিঙে লগতে কয় যে জুই নিৰ্বাপন কৰা হৈছে । অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । আহতসকলক পুনে আৰু পিমপ্ৰী চিঞ্চৱাড পৌৰ নিগম অঞ্চলৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি আয়ুক্তগৰাকীয়ে জনায় ।

লগতে পঢ়ক: ছিকিমত 3,640 মিটাৰ উচ্চতাত দেখা গ’ল ৰয়েল বেংগল টাইগাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.