Self reliant story: স্ব-গৃহতে কৰ্ম-সংস্কৃতিৰ নিদৰ্শন দেখুৱাইছে ডিব্ৰুগড়ৰ এজন যুৱকে

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 4:47 PM IST

thumbnail

ডিব্ৰুগড়,১৯ ছেপ্টেম্বৰ: ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে নিবনুৱা সমস্যা সমাধান কৰিবলৈ বিভিন্ন চৰকাৰী বিভাগত যুৱক- যুৱতীৰ নিয়োগৰ ব্যৱস্থা কৰিছে । প্ৰায় সকলো যুৱক-যুৱতী এতিয়া ব্যস্ত চৰকাৰী চাকৰি লাভ কৰা প্ৰতিযোগিতাত । তেনে সময়ত বহিঃৰাজ্যৰ কোম্পানীৰ চাকৰি এৰি ঘৰতে চেণ্ডেল উদ্যোগ স্থাপন ডিব্ৰুগড়ৰ অজয় সোণোৱালৰ ।  

কৰ্ম-সংস্কৃতিৰ নিদৰ্শন দেখুৱাই অজয় সোণোৱালে ডিব্ৰুগড় জিলাৰ নিগম পাঁচআলিত আৰম্ভ কৰিছে এল ই ডি বাল্ব আৰু চেণ্ডেলৰ ব্যৱসায় । নিজৰ গাঁঠিৰ ধনেৰে ক্ৰয় কৰিছে দুটাকৈ মেচিন । ডিব্ৰুগড়ৰ চৰাইহাবি গাঁৱৰ অজয় সোণোৱালৰ এই কাৰ্যই এতিয়া সকলোৰে প্ৰশংসা বুটলিছে । নতুন প্ৰজন্মৰ বাবে আদৰ্শ হৈ পৰিছে অজয় ।  

বহিঃৰাজ্যত প্ৰায় পাঁচ বছৰ ধৰি এল ই ডি বাল্ব আৰু চেণ্ডেল বনোৱা কাৰখানাত কৰ্মৰত হৈ থকাৰ পাছত স্ব-গৃহলৈ উভতি আহি আত্মনিৰ্ভৰ হোৱাৰ প্ৰয়াস চলাইছে যুৱকজনে । পত্নী নৱনীতা সোণোৱালৰ সৈতে মিলি এই আত্মসংস্থাপনৰ যুঁজত নামি পৰিছে অজয় । 

লগতে পঢ়ক: Nalbari School : বিদ্যালয় স্থানান্তৰিত কৰাক নলবাৰীৰ কুৰিহামাৰী চৰত টনা-আঁজোৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.