Accident at Amguri: আমগুৰিত ৰে’লৰ খুন্দাত ছিটিকি পৰিল স্কুটী

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 1:16 PM IST

thumbnail

আমগুৰি, ৫ ছেপ্তেম্বৰ: শিৱসাগৰ জিলাৰ আমগুৰিত ৰে’লৰ খুন্দাত আজি এখন স্কুটী চূৰ্ণীকৃত হয় । আমগুৰি ৰে’ল জংচনৰ অধীনৰ বৰাহীবাৰীত সংঘটিত হৈছে এই ঘটনাটো । উজনিমুৱা পেচেঞ্জাৰৰ খুন্দাত AS 04Q 4685 নম্বৰৰ স্কুটীখনৰ ক্ষতিসাধন হয় । প্ৰত্য়ক্ষদৰ্শীৰ ভাষ্য় অনুসৰি ৰে’লে স্কুটীখন ২০০ মিটাৰ পৰ্যন্ত চোচৰাই লৈ যায় ।

সৌভাগ্য়ক্ৰমে প্ৰাণৰক্ষা স্কুটীৰ গৰাকী জয়ন্ত গগৈৰ । বৰাহীবাৰীৰ প্ৰয়াত জননেতা খগেন বৰবৰুৱা পথত থকা ৰে’ল ক্ৰ’ছিং পাৰ হওঁতেই সংঘটিত হয় এই দুৰ্ঘটনাটো । স্থানীয় লোকে দীৰ্ঘদিন ধৰি ৰে’ল ক্ৰ’ছিঙৰ তলেৰে সুৰংগৰ ব্যৱস্থাৰে ৰে’লৱে বিভাগক পথ নিৰ্মাণ কৰিবলৈ দাবী জনাই আহিছে যদিও কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান নকৰা অভিযোগ উঠিছে ।

লগতে পঢ়ক:BJP Spokesperson Rupam Goswami: চৰকাৰৰ কাম-কাজত জনসাধাৰণৰ লগতে বিৰোধী দলৰ নেতায়ো সন্তুষ্টি প্ৰকাশ কৰিছে; ৰূপম গোস্বামী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.