Public Protest in Jania: জনিয়াত মন্দিয়া উপ-জিলাৰ সদৰ স্থাপনৰ দাবীত ৰাইজৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 5:29 PM IST

thumbnail

বৰপেটা, 10 ছেপ্টেম্বৰ: অসম চৰকাৰে ৰাজ্যত নতুনকৈ 81 খন উপ-জিলা গঠনৰ সিদ্ধান্তৰ কথা ঘোষণাৰ পাছতে ঠায়ে ঠায়ে উপ-জিলাৰ সদৰ কাৰ্যালয় স্থাপনৰ দাবীত আৰম্ভ হৈছে স্মাৰকপত্ৰ প্ৰদান আৰু আন্দোলনৰ কাৰ্যসূচী ৷ বিধানসভা সমষ্টি ভিত্তিত গঠন হ’ব লগা উপ-জিলাৰ সদৰ কাৰ্যালয় স্থাপনৰ দাবীত এইবাৰ বৰপেটাৰ জনিয়াত ৰাইজে আৰম্ভ কৰে বিশাল সমদল ৷ মন্দিয়া, কলগাছিয়া, বৰপেটা, আগি অঞ্চলৰ মধ্যভাগত অৱস্থিত ঐতিহাসিক জনিয়াত মন্দিয়া উপ-জিলাৰ সদৰ কাৰ্যালয় স্থাপনৰ দাবীত দেওবাৰে ওলাই আহিল জনিয়াৰ ৰাইজ ৷

সমদলকাৰীয়ে জনিয়াত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় জনিয়া সমষ্টিবাসী ৰাইজে ৷ সত্ৰীয়া সংস্কৃতিৰ ঐতিহ্য আৰু ফকৰুদ্দিন আলী আহমেদৰ ৰাজনৈতিক ক্ষেত্ৰ জনিয়াত মন্দিয়া উপ-জিলাৰ সদৰ কাৰ্যালয় স্থাপনৰ দাবীত ইতিপূৰ্বে মুখ্যমন্ত্ৰীক স্বাৰক পত্ৰ দাখিল কৰিছিল জনিয়াবাসী ৰাইজে ৷

লগতে পঢ়ক:Erosion at Kalgachia : কালৰূপী বেঁকী, পাঁচ দিনত উচন ৫০ টা পৰিয়ালৰ বাসগৃহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.