Morigaon village poor road condition:মৰিগাঁৱত এটা পথৰ নিবিদা সদায় হয় পিছে নহয় নিৰ্মাণ

By

Published : Jun 19, 2023, 9:15 PM IST

thumbnail

মৰিগাঁও, 19 জুন : মৰিগাঁৱত সোমবাৰে সদলবলে ওলাই আহিল ভুক্তভোগী জনতা । মৰিগাঁও বিধানসভা সমষ্টিৰ বঘৰা গাঁও পঞ্চায়তৰ দুই নং গোণামাৰাবাসীয়ে সংবাদ মাধ্যমৰ জৰিয়তে কাৰ বিৰুদ্ধে কি ক’লে, অভিযোগৰ আঙুলি টোৱালে চাওক আমাৰ এই বিশেষ প্ৰতিবেদনত-

ৰাজ্যৰ ডবল ইঞ্জিন চৰকাৰখনে ৰাজ্যৰ সকলো বাট-পথৰ উন্নয়ন হোৱা বুলি উন্নয়নৰ জয়ঢোল বজোৱাৰ সময়তে মৰিগাঁও বিধানসভা সমষ্টিৰ এখন বিশেষ আদৰ্শ গাঁৱত পথৰ নামত সৰ্বসাধাৰণ ৰাইজে ভূগিছে যমৰ যাতনা । ক্ষোভত ফাটি পৰিছে গাঁওবাসী । অসম চৰকাৰে উন্নয়নৰ ঢাক-ঢোল বজাই থকাৰ সময়তে মৰিগাঁৱৰ এইখন আদৰ্শ গাঁৱত একমাত্ৰ পথটোৰ উন্নয়নৰ নমুনাই শেহতীয়াকৈ দখল কৰিছে বাতৰিৰ শিৰোনাম ।

স্থানীয় জনপ্ৰতিনিধি, জিলা প্ৰশাসনৰ দৃষ্টি আকৰ্ষণৰ বাবে সোমবাৰে ওলাই আহিছে ভুক্তভোগী ৰাইজ । এইসকল সাধাৰণ জনতাৰ দাবী যে শীঘ্ৰেই আদৰ্শ গাঁৱৰ পথছোৱাৰ উন্নয়ন কৰিব লাগে চৰকাৰে । গাঁৱলৈ কেৱল নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা মাগিবলৈহে আহে ৰাজনৈতিক দলৰ নেতা ।

প্ৰথমে আমি দেখুৱাইছো গাঁওখনৰ একমাত্ৰ পথটোৰ প্ৰকৃত স্বৰূপ । ওচৰতে আছে গোণামাৰা প্ৰাথমিক বিদ্যালয়খন । বৰষুণ পৰিলেই চাইকেল কান্ধত লৈ, কাপোৰ দাঙি, জোতা-চেণ্ডল হাতত লৈ আহ-যাহ কৰিব লগা হয় ৰাইজ তথা ছাত্ৰ ছাত্ৰীয়ে । এইখন মৰিগাঁও সমষ্টিৰ অন্তৰ্গত 2 নং গোণামাৰা আদৰ্শ গাঁও ৷ বিধায়ক ৰমাকান্ত দেউৰীৰ সমষ্টিৰ অন্তৰ্গত এখন আদৰ্শ গাঁও । সামান্য এজাক বৰষুণ দিলেই পুখুৰী সদৃশ হৈ পৰে এই পথটো ।

বৰ্তমানে হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত অচল হৈ পৰিছে এইখন গাঁৱৰ জনতাৰ দৈনন্দিন জীৱন । গাঁওখনলৈ যাব নোৱাৰে জৰুৰী সেৱাৰ বাহন । সাঙী কৰি ভালকৈ পথলৈ আনিব লগা হয় ৰোগীক । উন্নয়নৰ নামত দীৰ্ঘদিন ধৰি গাঁৱৰ ৰাইজে জীয়াতু ভুগিছে । বিশেষকৈ অঞ্চলবাসীৰ লগতে স্কুলৰ ছাত্ৰ-ছাত্ৰী সকল বৰষুণ পৰিলে বঞ্চিত হয় পাঠ গ্ৰহণৰ পৰা । ৰাইজৰ অভিযোগ অনুসৰি বিধায়ক ৰমাকান্ত দেউৰী, AP member নিৰঞ্জন সৰকাৰ আৰু বঘৰা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিনীতা পাটৰ, তিৱা স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বৰ্তমানৰ সাধাৰণ সদস্য পৱন মান্তাক মৌখিক আৰু লিখিত অভিযোগ দিয়াৰ পাচতো বৰমুৰীয়াসকলৰ কাণসাৰ নাই ।

মন কৰিবলগীয়া যে এশ শতাংশ অনুসূচীত জাতিৰ লোকৰ আবাসস্থলী দুই নং গোণামাৰাত আজিলৈকে নিৰ্মাণ নহ’ল একমাত্ৰ পথটো ৷ শোচনীয় যাতায়ত ব্যৱস্থাই দাঙি ধৰিছে চৰকাৰখনৰ উন্নয়নৰ ফোপোলা স্বৰূপ । নিৰ্বাচনৰ সময়ত ভোট বিচাৰি আহি বিভিন্ন প্ৰতিশ্ৰুতি দিয়াৰ বাহিৰে একো কাম হোৱা নাই এইখন আদৰ্শ গাঁও 2 নং গোণামাৰাত । 

লগতে পঢ়ক : Rabha Diwas in Diphu: ৰাভা দিৱসৰ লগত সংগতি ৰাখি ডিফু জিলা প্ৰশাসনৰ আদৰণীয় পদক্ষেপ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.