উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন সুকলমে সম্পন্ন

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 10:51 PM IST

thumbnail

হাফলং, 8 জানুৱাৰী : উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ দিগেৰ সমষ্টি আৰু চেমখৰ সমষ্টিত দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে অন্ত পৰে । দিগেৰ সমষ্টিৰ টংগীক্ৰ ভোট গ্ৰহণ কেন্দ্ৰত বিয়লিৰ ভাগত উত্তেজনাৰ সৃষ্টি হ’লেও নিৰাপত্তাৰক্ষীৰ তাৎক্ষণিক পদক্ষেপত পৰিস্থিতি শান্ত হয় ।

প্ৰাপ্ত খবৰ অনুসৰি, বিয়লিৰ ভাগত দিগেৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী চেময়েল চাংছনে ভোটদান প্ৰক্ৰিয়াত বাধা দিয়াৰ চেষ্টা কৰাৰ বাবে এই উত্তেজনাৰ সৃষ্টি হয় । ইয়াৰ বাহিৰে ডাঙৰ কোনো ঘটনা সংগঠিত হোৱা নাই । বিৰোধী দল তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছৰ অভিযোগ অনুসৰি, বাহুবল-ধনবল আৰু চৰকাৰী প্ৰশাসন যন্ত্ৰক ব্যৱহাৰ কৰি বিজেপি দলে ভোট গ্ৰহণ কেন্দ্ৰ দখল আৰু ভোটাৰক ভোট দিয়াৰ প্ৰক্ৰিয়াত বাধা দিয়াৰ চেষ্টা চলাইছিল ৷

ইপিনে, বিয়লি চাৰি বজাত ভোটৰ অন্ত পৰাৰ পিচতে পৰিষদৰ বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰৰ পৰা ভোট কৰ্মীসকল হাফলঙত উপস্থিত হ’বলৈ ধৰিছে । বহু কেইটা সমষ্টিৰ ভোট কৰ্মীসকল হাফলং ডনবস্ক’ উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হোৱাৰ পিচতে বেলট বাকচ বিলাক ডনবস্ক’ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ষ্ট্ৰং ৰূমত কটকটীয়া নিৰাপত্তাৰ বেষ্টনীত ৰখা হৈছে ।

আজি নিশাৰ ভিতৰত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ 22 টা সমষ্টিৰ 231 টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভোট কৰ্মীসকল উপস্থিত হ’ব হাফলঙত । হাফলং ডনবস্ক’ উচ্চ মাধ্যমিক বিদ্যালয়ত থকা ষ্ট্ৰং ৰুমৰ নিৰাপত্তাৰ দায়িত্বত আছে অসমৰ আৰক্ষীৰ লগতে চিআৰপিএফ বাহিনী । বাতৰি লিখাৰ পৰলৈকে ভোটৰ হাৰ 65 শতাংশ, ভোটৰ হাৰ আৰু বৃদ্ধি পোৱাৰ আশংকা আছে ।

লগতে পঢ়ক : উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচন: দুপৰীয়া 12 বজালৈ 33 শতাংশ ভোটদান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.