Suresh Borah quits congress: কংগ্ৰেছত দলত্যাগ কোনো ডাঙৰ কথা নহয়: পীযুষ হাজৰীকা

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 9:08 PM IST

thumbnail

নগাঁও, 10 নৱেম্বৰ: নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই পদত্যাগ কৰা বিষয়টো এতিয়াও ধূসৰ হৈ আছে ৷ কংগ্ৰেছৰ হৈ তিনিবাৰকৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা নেতাগৰাকীয়ে পদত্যাগ তথা দলত্যাগ কৰা বুলি ওলোৱা খবৰটোৱে ব্যাপক চৰ্চা লাভ কৰিছে যদিও এই কথাক পোনচাটেই নস্যাৎ কৰিছে কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে ৷ অৱশ্যে বিষয়টো সন্দৰ্ভত সুৰেশ বৰাই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷ 

আনহাতে লখিমপুৰত সভা অনুষ্ঠিত কৰি সন্ধিয়াৰ ভাগত নগাঁৱত উপস্থিত হোৱা অসম চৰকাৰৰ মন্ত্ৰী তথা একালৰ কংগ্ৰেছ নেতা পীযুষ হাজৰীকাক সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ এই বিষয়ে সম্পূৰ্ণৰূপে জ্ঞাত নহয় বুলি কয় ৷ লগতে তেওঁ কয় যে অসমীয়াক ভালপোৱা, ভাৰতক ভালপোৱা কোনো মানুহেই কংগ্ৰেছ কৰাৰ পৰিবেশ বৰ্তমান নাই । 

সুৰেশ বৰাৰ পদত্যাগৰ বিষয়টো ৰাতিৰ ভিতৰতে স্পষ্ট হ'ব বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে সুৰেশ বৰাই যদি পদত্যাগ কৰিছে তেন্তে কংগ্ৰেছৰ বাবে এয়া ডাঙৰ আঘাত । কংগ্ৰেছত পদত্যাগ কোনো ডাঙৰ কথা নহয় বুলিও কটাক্ষ কৰে মন্ত্ৰী হাজৰীকাই । সুৰেশ বৰা বিজেপিলৈ যাব নেকি বুলি সোধাত তেওঁ কয় যে সেয়া এতিয়াই ক’ব পৰা নহয়, যিহেতু কংগ্ৰেছত কাম কৰাৰ পৰিবেশ নাই গতিকে সুৰেশ বৰা হয়তো বিজেপিমুখী হ’ব পাৰে ৷ নিজৰেই উদাহৰণ দি মন্ত্ৰী হাজৰীকাই কয়, ‘‘আমি কিছুদিন আগতে কংগ্ৰেছ এৰি বিজেপিলৈ আহিছিলোঁ, তেওঁ দুদিন দেৰিকৈ আহিব ৷ কংগ্ৰেছত পদত্যাগ কোনো ডাঙৰ কথা নহয় ৷’’

লগতে পঢ়ক: Suresh Borah quits Congress: সুৰেশ বৰাৰ পদত্যাগক উৰা বাতৰি আখ্যা প্ৰদ্যুৎ বৰদলৈৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.