Illicit love affair: অবৈধ প্ৰেমিকে কৰিলে প্ৰত্যাখ্যান, বিবাহিতা নাৰীয়ে কৰিলে জীৱন ত্যাগ

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 7:51 PM IST

thumbnail

গুৱাহাটী, ১৫ নৱেম্বৰ : পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি ! বিবাহ প্ৰত্যাখ্যান কৰাৰ বাবে বীৰকুছিত চিপ লৈ আত্মহত্যা বিবাহিতা মহিলাৰ ৷ পৰকীয়া প্ৰেমৰ বাবে মহানগৰীৰ বীৰকুছি অঞ্চলত সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা । নিজৰ ভালপোৱাজনৰ পৰা প্ৰতাৰিত হৈ এগৰাকী বিবাহিতা মহিলাই চিপ লৈ আত্মহত্যা কৰে । এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে নুনমাটি থানাৰ অন্তৰ্গত বীৰকুছি অঞ্চলত ।

জানিব পৰা মতে, বীৰকুছিৰ কাৰ্বি দেহাল পথৰ বাসিন্দা হৰকা বাহাদুৰ দৰ্জিয়ে সাত বছৰ পূৰ্বে চন্দ্ৰপুৰৰ বৰবিলাৰ বিনা দৰ্জি (২৫) নামৰ এগৰাকী যুৱতীৰ সৈতে বিবাহ পাশত আবদ্ধ হয় । বিয়াৰ পিচত তেওঁলোকৰ সংসাৰলৈ আহিল এটি পুত্ৰ সন্তান । পৰিয়ালটোক পোহপাল দিবলৈ হৰকা বাহাদুৰ দৰ্জিয়ে নিতৌ পুৱাতে কৰ্তব্যস্থলীলৈ ওলাই যায় । ইয়াৰে সুযোগ লৈ পত্নী বিনা দৰ্জিয়ে ফেচবুকত বৰবাৰীৰ মন্টু তালুকদাৰৰ সৈতে চিনাকি হৈ প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে । পৰৱৰ্তী সময়ত বিয়া কৰোৱা নকৰোৱাক লৈ দুয়োৰে মাজত সংঘাতৰ সৃষ্টি হয় ।

এই বিষয়ক লৈ কালি নিশা প্ৰেমিকৰ লগত ফোনত পুনৰ কাজিয়া লাগে বিনা দৰ্জিৰ । কাজিয়াৰ পিচতেই বিনা দৰ্জিয়ে খঙত অগ্নিশৰ্মা হৈ ঘৰৰ পিছফালে থকা গছ এডালত চুৰ্ণীখনেৰে আত্মহত্যা কৰে । স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে । ইপিনে বৰ্তমানো পলাতক হৈ আছে প্ৰেমিক মন্টু তালুকদাৰ ।

লগতে পঢ়ক : Illicit love affair: পত্নীৰ প্ৰিয় বান্ধবীৰ সৈতে পৰকীয়া প্ৰেম; পত্নীৰ আত্মহত্যা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.