ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত বাইক আৰোহী

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 2:33 PM IST

Updated : Dec 6, 2023, 3:05 PM IST

thumbnail

নগাঁও, 6 ডিচেম্বৰ : ৰহাত ডাম্পাৰৰ দৌৰাত্ম্য ৷ ডাম্পাৰৰ খুন্দাত এতিয়ালৈকে বহুত মানুহ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে কেবাজনো মানুহ মৃত্যু মুখত পৰিছে ৷ মঙলবাৰে সন্ধিয়া নগাঁও অভিমুখী HR 39 F 2616 নম্বৰৰ এখন তীব্ৰ বেগী ডাম্পাৰে AS 02 J 1659 নম্বৰৰ গ্লেমাৰ মটৰ চাইকেলত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এক দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় মটৰ চাইকেল আৰোহীজন ।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গুৰুতৰভাৱে আহত ব্যক্তিগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে । দুৰ্ঘটনাটোত আহত ব্যক্তিজনৰ এখন ভৰি চিঙি যায় বুলি জানিব পৰা গৈছে । আহত ব্যক্তিজন কামপুৰৰ বাবুল বৰা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ । ইতিমধ্যে দুৰ্ঘটনাতো সংঘটিত কৰি ডাম্পাৰখনৰ চালকে পলায়ন কৰে ।

উল্লেখযোগ্য যে, ৰহাৰ গড়মাৰীৰ পথটোত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ থাকে । সদাব্যস্ত পথটোত স্থানীয় ৰাইজে প্ৰায়ে স্পীড ব্ৰেকাৰ দিবলৈ আহ্বান জনাই আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । যাৰ ফলত উক্ত অঞ্চলটোত প্ৰায়ে এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ থাকে ।

লগতে পঢ়ক : ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন তীব্ৰবেগী বাহনৰ মুখামুখি সংঘৰ্ষ

Last Updated : Dec 6, 2023, 3:05 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.