Suicide in Barpeta : বাঁহনিত চিপলৈ আত্মহত্যা এটি সন্তানৰ পিতৃৰ

By

Published : Aug 5, 2023, 11:47 AM IST

thumbnail

জনীয়া, 5 আগষ্ট: কলগাছিয়াৰ দাৱনদিয়া গাঁৱত সংঘটিত হৈছে আত্মহত্যাৰ ঘটনা । আত্মহত্যাৰ কাৰণ বাতৰি যুগুত কৰাৰ পৰলৈকে জানিব পৰা হোৱা নাই । উল্লেখযোগ্য যে, কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দাৱনদিয়া গাঁৱৰ মজিবৰ ৰহমানৰ পুত্ৰ জাইদুল ইছলামে (25) শুকুৰবাৰৰ নিশাৰ ভাগত ঘৰৰ ওচৰতে থকা বাঁহনিত ডিঙিত চিপলৈ আত্মহত্যা কৰা ঘটনাই অঞ্চলব্যাপী চাঞ্চল্যৰ সৃষ্টি হৈছে । 

জানিব পৰা মতে জাইদুল ইছলাম নামৰ যুৱকজন এটি সন্তানৰ পিতৃ । ভাত খাই পৰিয়ালটো শুৱাৰ পিচত জাইদুলে এই কাণ্ড সংঘটিত কৰে বুলি আত্মীয়ই জানিবলৈ দিয়ে ৷ জাইদুলে নিশাৰ ভাগত কোঠাৰ পৰা মনে মনে উঠি বাহিৰলৈ ওলাই যায় । বহু পৰলৈ ওভতি নহাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰে যদিও বিচাৰি নাপায় । পুৱাৰ ভাগত এখন বাঁহনিত চিপলৈ ওলমি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে । 

যুৱকজনে বঙাইগাওঁ জিলাৰ মাত্ৰাঘোলা গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে সামাজিক নিয়ম অনুসৰি তিনি বছৰ পূৰ্বে বিয়া হৈছিল । মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও যুৱকজনৰ মৃত্যুত পৰিয়ালটি শোকত ভাগি পৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : hathras road accident : হাথৰাছত ভয়ংকৰ পথ দুৰ্ঘটনা; 5 জনৰ মৃত্যু, আহত 16

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.