Pathetic road condition:পঞ্চায়ত সভাপতি বিৰুদ্ধে ধন বিচৰাৰ অভিযোগ, ৰাস্তাৰ ওপৰত কঠিয়া পাৰি প্ৰতিবাদ ৰাইজৰ

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 7:54 PM IST

thumbnail

বিলাসীপাৰা, 25 ছেপ্টেম্বৰ : বিলাসীপাৰাত পঞ্চায়ত সভাপতিক ধন নিদিলে নহয় পথ মেৰামতিৰ কাম । উপায়ন্তৰ হৈ সোমবাৰে পথচোৱাত স্থানীয় ৰাইজৰে কঠিয়া ৰুই সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ । এই ঘটনা সংঘটিত হৈছে বিলাসীপাৰা মাছানেৰ আলগা গাঁও পঞ্চায়তৰ অন্তৰ্গত ছুৱাপাতা প্ৰথম খণ্ড গাঁৱত । গাঁওখনৰে যোৱা পথচোৱা দীৰ্ঘদিনৰে পৰা নতুনকৈ নিৰ্মাণ কৰা দূৰৈৰ কথা এচপৰা মাটিও পেলোৱা ৰাইজে প্ৰত্যক্ষ কৰা নাই ।

বাৰিষাৰ দিনত এজাক বৰষুণ পৰিলেই পথচোৱাৰে যাতায়তৰ নামত যমৰ যাতনা ভুগিবলগীয়া হয় ৰাইজে । গাঁওখনৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে পথচোৱাৰে কোনো বাহনেৰে যাতায়ত কৰাটো দূৰৈৰ কথা খোজকাঢ়ি যাবলৈয়ো এশবাৰ ভাবিবলগীয়া হয় । মাছানেৰ আলগা পঞ্চায়তখনৰ সভাপতি জহিৰুল ইছলামক পথছোৱা সন্দৰ্ভত অৱগত কৰাত উলোটাই গাঁওবাসীৰ পৰা পঞ্চাশ হাজাৰ টকা বিচাৰে বুলি অভিযোগ কৰিছে গাঁওবাসীয়ে ৷

সোমবাৰে গাঁওবাসীয়ে একত্ৰিত হৈ পথছোৱাৰ ওপৰত কঠিয়া ৰুই বিভিন্ন শ্ল’গানৰে পৰিৱেশ উত্তাল কৰি তোলে । এই ক্ষেত্ৰত বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক ছামছুল হুদাক অতি শীঘ্ৰে ৰাস্তা নিৰ্মাণ কৰি দিয়াৰ বাবে অনুৰোধ জনায় গাঁওবাসীয়ে ।

লগতে পঢ়ক : Dilapidated road at Tingkhong : মন্ত্ৰী বিমল বড়াৰ টিংখাং সমষ্টিত উন্নয়ন বিচাৰি হাহাকাৰ ৰাইজৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.