Krishak mukti sangram samiti protest: নাওবৈচা বিধানসভা সমষ্টিৰ বাটপথ উন্নয়নৰ দাবীত কৃষক মুক্তি উত্তাল প্ৰতিবাদ
Published : Nov 2, 2023, 2:33 PM IST
|Updated : Nov 2, 2023, 3:17 PM IST
বিহপুৰীয়া, ২ নৱেম্বৰ : লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত বাটপথসমূহৰ উন্নয়নৰ দাবীত বৃহস্পতিবাৰে দুপৰীয়া কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিহপুৰীয়া-লালুক সংযোগী ৰাজ্যিক পথচোৱা অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শ শ সদস্যই চৰকাৰ বিৰোধী শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে ।
উল্লেখ্য যে, বিগত সময়ত নাওবৈচা বিধানসভা সমষ্টিৰ বাটপথ উন্নয়নৰ বাবে স্থানীয় দল-সংগঠনে দাবী জনাই অহাৰ বিপৰীতে কিন্তু বৰ্তমানৰ চৰকাৰখনে বিশেষ কোনো গুৰুত্ব দিয়া নাছিল ৷ যাৰ পৰিপেক্ষিতত নাওবৈচাৰ সকলো পথেই এতিয়া বিধস্ত । যাৰবাবে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইপিনে এই প্ৰতিবাদক প্ৰতিৰোধ কৰাৰ বাবে আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰে যদিও বিফল হয় ।
লগতে পঢ়ক: Mid day meal workers protest:নলবাৰীত ৰন্ধন কৰ্মীৰ প্ৰতিবাদত আৰক্ষীৰ বাধা