ধেমাজিত আন্তঃবিদ্যালয় টাইকোৱাণ্ডো প্ৰতিযোগিতা অনুষ্ঠিত

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 3:09 PM IST

thumbnail

ধেমাজি,১৮ নৱেম্বৰ: শনিবাৰৰ পৰা তিনিদিনীয়াকৈ ধেমাজিৰ কাছাৰী ময়দানত আৰম্ভ হৈছে পঞ্চম সংখ্যক ৰাজ্যিক আন্তঃবিদ্যালয় ডেচেলাইট টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ ২০২৩ ৷ ধেমাজি এচ এফ এচ বিদ্যালয়ৰ উদ্যোগত আৰু ধেমাজি জিলা টাইকোৱাণ্ডো সংস্থাৰ সহযোগত অনুষ্ঠিত হোৱা খেলখনিৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷  

ইয়াৰ পূৰ্বে মন্ত্ৰী ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কুচকাৱাজেৰে উস্ম আদৰণি জনাই লৈ যায় পতাকা উত্তোলনথলীলৈ ৷ ইয়াৰ পাছতে আনুষ্ঠানিকভাৱে পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলন কৰি খেলখনি মুকলি কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ উদ্বোধনী ভাষণত মন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ উৎকৰ্ষ বিকাশৰ বাবে মানসিক স্বাস্থ্য বিকাশৰ লগতে শাৰীৰিক স্বাস্থ্য বিকাশৰ বাবে বিভিন্ন খেলা-ধূলা প্ৰয়োজনীয়তাৰ ওপৰত বক্তব্য ৰাখে ৷ চাৰিটা শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত ১৭ খন জিলাৰ সহস্ৰাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক: সামাজিক ব্যাধি, নিচাজাতীয় দ্ৰব্য নিৰ্মূলৰ লক্ষ্যৰে ভাওনা প্ৰদৰ্শন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.