Road accident in Jalukbari:বগা সাজত ঘৰলৈ আহিল মেধাৱী ছাত্ৰ ইমন বৰুৱা

By

Published : May 30, 2023, 12:20 PM IST

thumbnail

মৰাণ, ৩০ মে': অভিযন্তা হোৱাৰ সপোন দেখি ওলাই যোৱা ইমন বৰুৱা উভতি আহিল বগা সাজত । বগা কাপোৰৰ মাজত শুই ডিব্ৰুগড়ৰ ঘৰ পালেহি ইমন বৰুৱা (Dibrugarh Boy dies in Guwahati road accident)। গুৱাহাটীত পথ দুৰ্ঘটনাত মৃত্যু হোৱা ডিব্ৰুগড়ৰ মেধাৱী ছাত্ৰ ইমন বৰুৱাৰ মৃতদেহ মঙলবাৰে পুৱা নিজ মানকটাৰ স্ব-গৃহলৈ অনা হয় ।  

মৃতদেহ স্ব-গৃহলৈ অনাৰ পাছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় (AEC Students death in Road Mishap in Jalukbari)। ধৰ্মীয় নীতি-নিয়ম অনুসৰি ইতিমধ্যে শেষকৃত্যৰ বাবে স্থানীয় চৌকিডিঙ্গী শ্মশানলৈ লৈ যোৱা হয় (Funeral of Imon at Chowkidingi Crematorium)। ডিব্ৰুগড়ৰ নিজ মানকটাৰ সঞ্জীৱ লোচন বৰুৱা আৰু ত্ৰিবেণী বৰুৱাৰ একমাত্ৰ পুত্ৰ আছিল ইমন বৰুৱা ।  

উল্লেখ্য় যে ইমনৰ পিতৃ ডিব্ৰুগড়ৰ দূৰসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত সহকাৰী পৰিচালক । ইমনৰ আত্মীয়ই সদৰী কৰা মতে,মাতৃৰ লগত নিশা ১০:৩০ বজাত অন্তিমবাৰৰ বাবে কথা পাতিছিল । মাতৃক পৰীক্ষাৰ বাবে পঢ়ি থকা বুলি জনাইছিল ইমনে ।  

লগতে পঢ়ক:Road accident in Jalukbari: চকুপানীৰে বাট নেদেখা হৈছে ৰাজকিৰণৰ পৰিয়ালে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.