Man Elephant Conflict: বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱক

By

Published : Oct 31, 2022, 10:06 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

ৰাজ্যুজৰি অব্যাহত আছে হাতী মানুহৰ সংঘাতৰ ঘটনা (Man Elephant Conflict)৷ বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে দুলীয়াজান ভাদৈ অঞ্চলৰ ২ নং কঠালগুৰি গাঁওৰ যুগল মাঝি নামৰ যুৱকজন (Man Elephant Conflict at Duliajan)৷ দেওবাৰে নিশা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ (Dihing Patkai national park)সমীপৱৰ্তী ২ নং কঠালগুৰি অঞ্চলৰ এগৰাকী লোকক এটা বন্যহাতীয়ে খেদা মাৰি লৈ যায় আৰু পৰৱৰ্তী সময়ত লোকগৰাকীক প্ৰাণে মৰাৰ চেষ্টা কৰে ৷ নিশা ধাননি পথাৰখন হাতীৰ কবলৰ পৰা নষ্ট হোৱাৰ পৰা বচাবলৈ যুগল মাঝিৰ লগতে গাঁৱৰ অন্য খেতিয়ক সকলে পহৰা দিছিল (Elephant injured one youth)৷ আঘাতপ্ৰাপ্ত লোকজনক বৰ্তমান ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ ইতিমধ্যে বন বিভাগক বন্যহস্তী নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে (Wild Elephant terror at Duliajan)৷

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.