Child vaccination: ভেকচিন গ্ৰহণৰ পিছত শিশুটি কিয় জ্বৰত ভোগে

author img

By

Published : Nov 17, 2022, 1:40 PM IST

Why children get fever after vaccination

সংক্ৰামক ৰোগৰ পৰা ৰক্ষা কৰাত টিকাকৰণ আটাইতকৈ ফলপ্ৰসূ আৰু ই ৰোগ প্ৰতিৰোধ কৰাটো সহায় কৰে । ভেকচিন গ্ৰহণ কৰাৰ পিছত সেই ঠাইত ফুলা বা বিষ হ’ব পাৰে, কিন্তু কেতিয়াবা শিশুৰো ভেকচিন লোৱাৰ পিছত জ্বৰত আক্ৰান্ত হ'ব পাৰে । ভেকচিনৰ পিছত কেঁচুৱাৰ কিছু এলাৰ্জি প্ৰতিক্ৰিয়া দেখা যায়, তাৰ ভিতৰত এটা হ’ল জ্বৰ । কিন্তু এই বিক্ৰিয়া কিছু সময়ৰ বাবেহে হয় আৰু কিছুমান সহজ পদ্ধতিৰে ইয়াক নিৰাময় কৰিব পাৰি ।

সংক্ৰামক ৰোগৰ পৰা ৰক্ষা কৰাত টিকাকৰণ আটাইতকৈ ফলপ্ৰসূ আৰু ই ৰোগ প্ৰতিৰোধ কৰাটো সহায় কৰে । ভেকচিন গ্ৰহণ কৰাৰ পিছত সেই ঠাইত ফুলা বা বিষ হ’ব পাৰে, কিন্তু কেতিয়াবা শিশুৰো ভেকচিন লোৱাৰ পিছত জ্বৰত আক্ৰান্ত হ'ব পাৰে । ভেকচিনৰ পিছত কেঁচুৱাৰ কিছু এলাৰ্জি প্ৰতিক্ৰিয়া দেখা যায়, তাৰ ভিতৰত এটা হ’ল জ্বৰ(Why does one have fever after vaccination) । কিন্তু এই বিক্ৰিয়া কিছু সময়ৰ বাবেহে হয় আৰু কিছুমান সহজ পদ্ধতিৰে ইয়াক নিৰাময় কৰিব পাৰি(Why children get fever after vaccination) ।

গতিকে ভেকচিন লোৱাৰ পিছত শিশুটিৰ জ্বৰ কিয় হয় আৰু ইয়াক কেনেকৈ নিৰাময় কৰিব পাৰি জানো আহক(Is it normal for kids to get fevers after vaccines) ।

ভেকচিনৰ পিছত জ্বৰ হোৱাটো স্বাভাৱিক

ঔষধৰ দৰে টিকাকৰণৰো পাৰ্শ্বক্ৰিয়া হ'ব পাৰে । সাধাৰণ জ্বৰ, আক্ৰান্ত অংশত বিষ বা ফুলা, খিংখিঙীয়া হ’ব পাৰে । এইবোৰ সকলো ভেকচিন লোৱাৰ কিছুমান পাৰ্শ্বক্ৰিয়া । ডি পি টিৰ দৰে যিকোনো ভেকচিনৰ ফলত জ্বৰ হ’ব পাৰে । যদি শিশুটিৰ ভেকচিন লোৱাৰ পিছত বেছি জ্বৰ হয়, তেন্তে লগে লগে শিশু চিকিৎসকৰ ওচৰলৈ যাব লাগে ।

ভেকচিনৰ পিছত জ্বৰ কিয় হয়

ভেকচিনৰ জৰিয়তে বিদেশী পদাৰ্থ শৰীৰত প্ৰৱেশ কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতাই প্ৰদাহজনিত প্ৰতিক্ৰিয়া দিয়ে । ইয়াৰ ফলত বেজী দিয়া ঠাইত ৰঙা পৰা, ফুলা বা বিষ হোৱা, বা জ্বৰ, শৰীৰৰ বিষ বা মূৰৰ বিষ হ’ব পাৰে ।

টিকাকৰণৰ পিছত মৃদু জ্বৰ হোৱাটো স্বাভাৱিক । টিকাকৰণৰ(Child vaccination) পিছত জ্বৰ হোৱাৰ অৰ্থ হ’ল ঔষধে নিজৰ কাম কৰি আছে আৰু শৰীৰে সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ এন্টিব’ডি তৈয়াৰ কৰি আছে । সাধাৰণতে শিশুটিৰ ভেকচিন লোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতে জ্বৰ হয় আৰু ই দুদিনৰ পৰা তিনিদিনলৈকে থাকে(How long does fever last after child vaccine) ।

ভেকচিনৰ পিছত সাধাৰণ প্ৰতিক্ৰিয়া হ’লে কোনো ধৰণৰ চিকিৎসাৰ প্ৰয়োজন নাই ।

লগতে পঢ়ক: Yoga for lungs: যোগ-ব্যায়ামৰ জৰিয়তে সুস্থ-সবল কৰি ৰাখক হাঁওফাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.